জ্যেষ্ঠ কংগ্ৰেছ নেতা (Congress leader) তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ আজি দেহাৱসান (Former Minister Dr. Nazrul Islam passes away) ঘটে। গুৱাহাটীত শনিবাৰে (Saturday) দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে। অসুস্থতাৰ বাবে নিজ বাসগৃহৰ পৰা হস্পিটেললৈ নি থকা অৱস্থাতে মৃত্যু হয় তেওঁৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ।
উল্লেখ্য, তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত নজৰুল ইছলাম দীৰ্ঘদিন ধৰি মন্ত্ৰীত্বৰ পদত আছিল। তেওঁ ৰাজ্যৰ প্ৰাক্তন খাদ্য আৰু অসামৰিক যোগান মন্ত্রী (Former Food and Civil Supplies Minister) আছিল। লগতে তেওঁ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। লাহৰিঘাট সমষ্টিৰ পাঁচবাৰৰ বিধায়কগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে।