পাহাৰীয়া জিলা কাৰ্বি আংলঙ (Karbi Anglong)ত পুনৰ সাহিত্য মাদকতাৰ পয়োভৰ ৷ শুক্ৰবাৰে জিলাখনৰ ৰাংছিনা ছাৰপ’ সাংস্কৃতিক ভৱনত (Rangsina Sarpo Cultural Building) বিশিষ্ট সাংবাদিক তথা শিক্ষক মুন কুমাৰ ডেকাৰ সম্পাদনাত প্ৰয়াত সাহিত্যিক তথা কাৰ্বি আংলঙৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ডঃ ফুকন চন্দ্ৰ ফাংছ’ (Dr. Phukan Chandra Phanso) জীৱনীৰ আধাৰত একে নামেৰে ৰচিত গ্ৰন্থ আৰু বিশিষ্ট কবি-সাহিত্যিক তথা অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটাপ্ৰাপক টংক কোঁৱৰৰ ‘লংকিহঁতৰ কেংলংপ’ শীৰ্ষক গ্ৰন্থ দুখনিৰ উন্মোচন কৰা হয় ৷ জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি কন্ঠশিল্পী প্লাবিতা বৰদলৈৰ সুৱলা কন্ঠৰে শুভাৰম্ভণি কৰা হয় ৷
ইয়াৰ পিছতেই ড° ফুকন চন্দ্ৰ ফাংছ’ৰ আত্মজীৱনীখনৰ প্ৰকাশক তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে কয় যে ফাংছ’ ছাৰক মই মাত্ৰ এদিনৰ বাবেহে লগ পাইছিলোঁ ৷ তেওঁ ৰং-তুলিকাৰে কাৰ্বি জনগোষ্ঠীৰ জীৱন-ইতিহাসৰ প্ৰতিছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল লগতে কেংলংপ’ নামৰ জীৱবিধৰ প্ৰতিছবিও অংকণ কৰিবলৈও সক্ষম হোৱাৰ পিছতেই সমগ্ৰ কাৰ্বি ৰাইজে জীৱবিধৰ আকৃতিৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল বুলি প্ৰকাশ কৰে তাৰ’ৱে৷
তাৰোপৰি, স্বণামধন্য সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে উদীয়মান যুৱনেতাগৰাকীয়ে৷ গ্ৰন্থখনিৰ সম্পাদনাৰ দায়িত্বত থকা মুন কুমাৰ ডেকাৰ বিষয়ে বিভিন্ন সময়ত সাহিত্য-সংস্কৃতিৰ দিশত আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰি উচ্চ প্ৰশংসাৰে ওপচাই দিয়ে৷ অনুষ্ঠানত মুন কুমাৰ ডেকাই ড° ফুকন চন্দ্ৰ ফাংছ’ শীৰ্ষক গ্ৰন্থখনি প্ৰকাশৰ অন্তৰালৰ কাহিনী আৰু অভিজ্ঞতা প্ৰকাশ কৰে৷
তাৰোপৰি, ‘লংকিহঁতৰ কেংলংপ’ গ্ৰন্থখনিৰ ৰচক টংক কোঁৱৰে ভাষণ প্ৰসংগত কয় যে মই সমাজখন পিঠিফালে ৰাখি নিজৰ কামখিনি সন্মুখনত ৰাখি আঁগবাঢ়ি যাওঁ৷ কেংলংপ নামৰ গ্ৰন্থখনিৰ কাহিনীটিও তেনেদৰেই আগবাঢ়ি গৈছে৷ গ্ৰন্থখন আপোনালোকে পঢ়িব যদি ভাল লাগে আনক ক’ব আৰু যদি বেয়া লাগে তেন্তে মোক ক’ব বুলি কৈ ভাষণ সামৰণি মাৰে তাৰ’ৱে৷ সমান্তৰালকৈ ফুকন চন্দ্ৰ ফাংছ’ সান্নিধ্য লাভ কৰা সাহিত্যিক চিকাৰী তিছ’, পবিত্ৰ বৰা আৰু ধনেশ্বৰ ইংতিয়ে বিভিন্ন অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে৷
গ্ৰন্থ দুখনিৰ উন্মোচক তথা স্বণামধন্য সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে ভাষণত কয় যে শ্বিলঙৰ বিলাসী চাকৰি ত্যাগ কৰি পাহাৰীয়া জিলাখনত উচ্চশিক্ষাৰ বাটকটীয়া হিচাপে নিজকে অৰ্পণ কৰিছিল ৷ সমান্তৰালকৈ কাৰ্বি জনাগোষ্ঠীৰ জনজীৱনৰ প্ৰতিছবি বিভিন্ন প্ৰকাৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল বুলিও প্ৰকাশ কৰে তেৰাঙে৷ অনুষ্ঠানত ফুকন চন্দ্ৰ ফাংছ’ৰ জীৱনী সুঁৱৰি আৱেগিক হৈ পৰা তেৰাঙে অনুষ্ঠানত সাৱলীল ভাষণ প্ৰদান কৰে৷
গ্ৰন্থ উন্মোচন বা সাহিত্যৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে উন্মোচক বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী ৰংবং তেৰাং, জ্যেষ্ঠ সাহিত্যিক-সাংবাদিক নগেন বৰা, কাৰ্যবাহী সদস্যদ্বয় প্ৰভাত চন্দ্ৰ তাৰ’, মধুৰাম লেকথে, পাৰিষদ তিলোত্তমা হাষ্ণু, সাহিত্যিক টংক কোঁৱৰ, চিকাৰী তিছ’, হাংমিজি হাঞ্চে, ছাৰেৎ হাঞ্চে, পবিত্ৰ বৰা, পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ লগতে একাংশ সাহিত্যচৰ্চাৰ লগত জড়িত ৰাইজ ৷ উল্লেখযোগ্য যে অনুষ্ঠানত প্ৰকাশক প্ৰভাত চন্দ্ৰ তাৰ’ৰ সাহিত্যৰ ওপৰত থকা দখল প্ৰত্যক্ষ কৰি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে কয় যে তাৰ’ক আমি ৰাজনীতিৰ মঞ্চৰ সমান্তৰালকৈ সাহিত্য সভাৰ মঞ্চতো জিলিকি থকাটো কামনা কৰিছোঁ৷