
পশ্চিম কাৰ্বি আংলঙত (West Karbi Anglong) নৈৰ পানীত এগৰাকী যুৱক উটি যোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাটোৰ খবৰ অনুসৰি, নিশাৰে পৰা হুৰা হুৰে বাঢ়ি অনা কপিলী নৈৰ পানীয়ে পশ্চিম কাৰ্বি আংলঙৰ সাতগাঁও অঞ্চলৰ নতুন ঘেলানী বস্তি প্লাৱিত কৰাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা প্ৰায় দুই বজাত ঘৰৰে এটা হাঁহ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ যায় ৰবীন তেৰাং (Robin Terang) নামৰ যুৱকজন। তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন (Missing youth in Kapili river)।

কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া ৰবীনৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই। কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া যুৱকজন পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁও ঘেলানী বস্তি নিৱাসী সাংবাদিক জয়ছিং তেৰাঙৰ পুত্ৰ। ঘটনাৰ পাছৰে পৰা যুৱকজনৰ সন্ধানত নামি পৰিছে স্থানীয় লোক। ইতিমধ্যে SDRF বাহিনীও ঘটনা স্থলীত উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে।












