সমাজ তথা নৱপ্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা বচাবলৈ চৰকাৰে কৰি থকা অহৰহ প্ৰচেষ্টা আৰু আৰক্ষীৰ ড্ৰাগছ বিৰোধী কটকটীয়া নিৰাপত্তা ব্যৱস্থাকো বৃদ্ধাংগুষ্ঠ দেখুৱাই চলি আছে দ্ৰাগচৰ ৰমৰমীয়া বেহা। গোলাঘাট জিলা যেন এই অবৈধ চোৰাং বজাৰৰ কৰিডৰত পৰিণত হৈছে।
বোকাখাতত তথা জিলাখনত বিগত সময়ত বহু কেইবাৰ দ্ৰাগচৰ অবৈধ সৰবৰাহ ধৰা পেলোৱাৰ লগতে ড্ৰাগছ বেপাৰত জড়িত চোৰাং বেপাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আজি গোলাঘাট জিলাৰ দৈগ্ৰোঙত কেইবা কোটি টকাৰ মূল্যৰ হিৰোইন জব্দ হোৱাৰ খবৰে আচৰিত কৰি তুলিছে ৰাইজক। গোলাঘাট আৰু কাৰ্বি আংলঙৰ আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পংকিয়াল দৈগ্রোঙত খেদি খেদি আটক কৰে ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক।
সৰবৰাহকাৰী কেইটা হৈছে ক্রমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলটাব হুছেইন। সৰবৰাহকাৰী কেইটাৰ পৰা ৭০ পেকেট হেৰ’ইন (৮৫০.৩৯ গ্রাম) সহ এ এচ ০১ বি জেদ ০৬৭৫ নম্বৰৰ এখন ক্রেটা বাহন বহু কোটি টকা মূল্যৰ দ্ৰাগচৰ সৈতে জব্দ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্রায় ৪/৫ কোটি টকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এই সফলতাৰ ৰাআজে শলাগ লৈছে আৰু সৰবৰাহকাৰীকেইটাৰ উচিত শাস্তিৰ দাবী কৰিছে।