পাহাৰৰ আঞ্চলিক দল অল পাৰ্টি হিলচ্ লীডাৰ কনফাৰেন্স (All Party Hills Leader Conference)ৰ (APHLC) সভাপতি তথা লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী জনচ্ ইংতি কাথাৰে আজি বিয়লি এক সংবাদ মেল (Press Conference of John’s Ingti Kathar) সম্বোধন কৰি এক বিস্ফোৰক অভিযোগ কৰে ৷
নিৰ্বাচন শেষ কৰি ১৪ মেত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সদস্য , MAC বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ আৰু দলৰ বছা বছা নেতা সহ ৩০ জনীয়া এটা দল এসপ্তাহৰ বাবে কৃষি ক্ষেত্ৰ অধ্যয়নৰ বাবে গৈছিল ভিয়েটনামলৈ ৷ তাৰ পৰা মুখ্য কাৰ্যবাহী সদস্য গৰাকী গ’ল আন আন দেশলৈ ৷ কিন্তু এই দলটোত কোনো কৃষি বিভাগৰ বিজ্ঞানী বা বিষয়া নাছিল ৷
আজি সংবাদ মেল সম্বোধন কৰি জনচ্ ইংতি কাথাৰে কয় যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উন্নয়নৰ ১৪ কোটি টকা খৰছ কৰি নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ত দলটো ভিয়েটনামলৈ গৈছে ৷ যিটো ৰাজহুৱা ধনৰ শৰাধ ৷
তেওঁ কয় যে পৰিষদে সৰু সৰু ঠিকাদাৰক বছৰ বছৰ ধৰি বিল দিয়া নাই , শিক্ষক কৰ্মচাৰীক মাহে মাহে দৰমহা দিব পৰা নাই ৷ ধুমুহাত ঘৰ ভঙা মানুহৰ খাবলৈ নথকা সময়ত তেওঁলোকে বিলাস ভ্ৰমণ কৰিছে ৷ তেওঁ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ এই বিষয়ে অৱগত কৰি এক অভিযোগ দিছে ৷
লগতে ভোটাৰ তালিকাৰ পৰা বহু অসমীয়া , আদিবাসী আৰু জনজাতীয় লোকৰ নাম BLO সকলে কৰ্তন কৰিছে৷ তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি নেতাগৰাকীয়ে নিৰ্বাচন আয়ুক্তক পত্ৰ দিছে৷