বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বজাত পাৰ’খোৱাত সংঘটিত হয় এক ভয়াৱহ পথ দূৰ্ঘটনা। কাৰ্বি আংলঙৰ জিলা (Karbi Anglong) সদৰ চহৰ ডিফুৰ পৰা হোজাই জিলাৰ ডবকা অভিমুখে গৈ থকা AS-02, AC, 8776 নম্বৰযুক্ত জয় শ্ৰী ৰাম নামৰ যাত্ৰীবাহী বাছখনে পাৰ’খোৱা বজাৰৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই ২৯ নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তললৈ নামি পৰে। সৌভাগ্যক্ৰমে উক্ত বাছখনৰ চালক – হেণ্ডিমেনসহ দহ গৰাকীকৈ যাত্ৰী ৰক্ষা পৰে।
খবৰ অনুযায়ী, যাত্ৰীবাহী বাছখনৰ চালক – হেণ্ডিমেন আৰু দুগৰাকী যাত্ৰী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও বিপদমুক্ত বুলি জানিব পৰা গৈছে ।
ইপিনে, ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনা স্থলীত উপস্থিত হৈ পাৰ’খোৱা আৰক্ষী চকীৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে যাত্ৰীবাহী বাছখন উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় ।