![]()
গুৱাহাটী Guwahati মহানগৰীৰ হাতীগাঁৱৰ শুভম এনক্লেভত সংঘটিত হৈছে এক পৈশাচিক ঘটনা। ১৬ বছৰীয়া বনকৰা কিশোৰীক নিৰ্যাতন মালিকৰ। জানিব পৰা মতে, ষ্টেট বেংকত State Bank কৰ্মৰত ধীৰাজ বড়ো নামৰ পৰিয়ালটিৰ বাসগৃহত দীৰ্ঘদিন ধৰি বন কৰিবলৈ থকা ১৬ বছৰীয়া কিশোৰী গৰাকীক সদায় নিৰ্যাতন চলোৱা হৈছিল।

কিন্তু কিশোৰী গৰাকীয়ে কোনো ধৰণৰ মাত নামাতি পেটৰ তাড়নাত আটাইবোৰ কষ্ট সহ্য কৰিছিল।কিন্তু সোমবাৰে পৰিয়ালটিয়ে কিশোৰীগৰাকীক কৰা নিৰ্যাতনৰ সীমা চেৰাই যোৱাৰ ফলত শুভম এনক্লেভৰ অন্য আৱাসী সকল অতিষ্ঠ হৈ পৰে আৰু হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এই এহাজাৰৰ পিছত আৰক্ষীয়ে ধীৰাজ বড়ো আৰু মাতৃক আটক কৰাৰ লগতে কিশোৰী গৰাকীক উদ্ধাৰ কৰে। ঘটনাটো সন্দৰ্ভত সোধ-পোছ কৰি মাতৃ-পুত্ৰক ঘৰলৈ যাবলৈ দিয়া হয় যদিও প্ৰয়োজনত আৰক্ষীৰ নিৰ্দেশ অনুসৰি থানাত উপস্থিত হ’বলৈ আদেশ দিয়ে।












