
গুৱাহাটীৰ অসম আৰক্ষী (Assam Police)ৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা (Congress leader) পৱন খেৰা (Pawan Khera)। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঢ়া শৰ্মাৰ ভুৱা পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি গোচৰত বুধবাৰে অসম আৰক্ষীয়ে তেওঁৰ জেৰা আৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল ৰুজু কৰা গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰিছিল।

আনহাতে, আৰক্ষীৰ ওচৰত হাজিৰ হৈ পৱন খেৰাই সাংবাদিকৰ আগত কয় যে তেওঁ তদন্ত প্ৰক্ৰিয়াত অসম আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। লগতে আইন আৰু ন্যায়পালিকাক সন্মান কৰা বাবেই তেওঁ আইনী পদ্ধতি অনুসৰি অহা বুলি উল্লেখ কৰে। উল্লেখ্য যে ৰিণিকি ভূঞা শৰ্মাৰ গোচৰটোত পৱন খেৰাক উচ্চতম ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।













