![]()
২০২৩ বৰ্ষৰ দ্বিতীয় দিনটোত মহানগৰ আৰক্ষী আয়ুক্ত Police Commissioner দিগন্ত বৰাৰ সংবাদমেল। সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই আয়ুক্ত গৰাকীয়ে মহানগৰবাসীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী সদা সষ্টম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ লগতে, বিগত সময়ৰ তুলনাত মহানগৰীৰ অপৰাধৰ সংখ্যা লাঘৱ হোৱাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীৰ সফলতা সন্দৰ্ভত আজিৰ এই সংবাদমেলত তেখেতে প্ৰকাশ কৰে।

বৰাই দাঙি ধৰা তথ্য অনুসৰি, মহানগৰীত ৪০৭ কোটিতকৈও অধিক ড্ৰাগছ জব্দ কৰাৰ লগতে ৩১ ডিচেম্বৰ নিশা দুৰ্ঘটনাত মৃত্যুৰ খবৰ এতিয়ালৈ নোপোৱাৰ কথা প্ৰকাশ কৰি সোণৰ চেইন টনা ঘটনাৰ সৈতে জড়িত ২২ জন অপৰাধী আৰু ২ অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পৰিসংখ্যা অনুসৰি চুৰি ঘটনাৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ লোকৰ সংখ্যা বৃদ্ধি হৈছে। অৱশ্যে কম বয়সীয়া চোৰৰ সংখ্যাও মহানগৰীত বৃদ্ধি হৈছে।
ইয়াৰোপৰি, বিগত বৰ্ষত পাঞ্জাবাৰীত ৰঞ্জিত বৰা হত্যাকাণ্ড সন্দৰ্ভত বিশেড তদন্তকাৰী দল গঠনৰ বিষয়ে সংবাদমেলৰ জৰিয়তে বৰাই জানিবলৈ দিছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুজন অভিযুক্তৰ পৰা বহুখিনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে। আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগীৰ বিভিন্ন স্থানত CCTV স্থাপনৰ কৰিবৰ বাবে ঠাই পৰ্যবেক্ষণ কৰি থকাৰ কথা আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।












