ছবিখনৰ গীতটো মুক্তি পোৱাৰ পিছতে সমগ্ৰ দেশতে বিতৰ্কৰ সূচনা হয়। ‘পাঠান’ (Pathan) চলচ্চিত্ৰ (Film)ৰ ‘বেচৰম ৰং’ গীত (Song)ত দীপিকা পাডুকনৰ সাজ-পোছাক গেৰুৱা শিবিৰ আৰু তেওঁলোকৰ সমৰ্থকসকলে ভাল নাপালে। ছবিখন বয়কট (Boycott)ৰ আহ্বান, লগতে শ্বাহৰুখ খানৰ অন্ত্যেষ্টিক্ৰিয়াও উদযাপন কৰা হৈছে! এইবাৰ দেশৰ চেন্সৰ বোৰ্ড (Censor Board)ৰ (চিবিএফচি) হস্তক্ষেপ।
ছবিখনত কিছু সালসলনিৰ উপৰি এই গীতটোৰ দৃশ্যপট পুনৰ সলনি কৰিবলৈও কৈছে সংস্থাটোৱে।সূত্ৰ অনুসৰি, শেহতীয়াকৈ সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবিখন চেন্সৰ বোৰ্ডৰ ক্লিয়াৰেন্সৰ বাবে প্ৰেৰণ কৰা হৈছে। ছবিখন চোৱাৰ পাছত সংগঠনটোৰ অধ্যক্ষ প্ৰসুণ যোশীৰ অধীনস্থ বোৰ্ডে ছবিখনত কিছু পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লয়।
প্ৰসুনে কয়, “আমি গাইডলাইন মানি চলি ‘পাঠান’ চাইছিলো। কমিটীয়ে নিৰ্মাতাসকলক গীতৰ বাহিৰেও ছবিখনত প্ৰয়োজনীয় পৰিৱৰ্তন আনি তাৰ পিছত ছবিখন আমালৈ ঘূৰাই পঠিয়াবলৈ কৈছে।” এই প্ৰসংগত প্ৰসুনে আৰু কয়, “চিবিএফচিয়ে সদায় কলাত্মক প্ৰকাশ আৰু দৰ্শকৰ সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে সঠিক সিদ্ধান্তলৈ আহিবলৈ।”
উল্লেখ্য, ‘পাঠান’ বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে শ্বাহৰুখে মুখ বন্ধ কৰি ৰাখিছিল। কিন্তু সঁহাৰি জনাবলৈ তেওঁ কলকাতা চহৰ বাছি লৈছিল। ২৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী মঞ্চত ছবিখনৰ নাম নোলোৱাকৈয়ে সংলাপ এটি কয়, “মে, আপ ঔৰ চব পজিটিভ লোগ অভি জিন্দা হে।” উল্লেখ্য, “পাঠান” অহা বছৰ গণৰাজ্য দিৱসত মুক্তি পাব।