![]()
অতিথি সৎকাৰ, কৰ্ম-সংস্কৃতিৰ মানসিকতা বিকাশ আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ এক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে অসম বিধানসভাৰ (Assam Legislative Assembly) আৱাসিক চৌহদত মাল্টি ইউটিলিটি ভৱনৰ (Multi Utility Building) শিলান্যাস (Foundation stone) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma)।

শিলান্যাস কৰি উঠি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এম্বুলেন্স সেৱাৰ সৈতে ক্ষুদ্ৰ চিকিৎসালয়, ডিপাৰ্টমেণ্টেল ষ্ট’ৰ, কেণ্টিন, পাকঘৰ, ব্যায়ামাগাৰ আদি সুব্যৱস্থাৰে সৈতে প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষ ভৱনটিৰ নিৰ্মাণকাৰ্য নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নির্দেশনা প্রদান কৰা হৈছে।
উক্ত অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।













