![]()
পুনৰ অসমবাসীৰ বাবে এক দুখৰ খবৰ। ৰাজ্যৰ শিক্ষা-সাহিত্য জগতখনত ঘাটমাউৰা কৰি অজান মুলুকলৈ গ’লগৈ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ডঃ শিৱনাথ বৰ্মন (Shivnath Barman)। বৃহস্পতিবাৰে সন্ধিয়া ৫.৩৬ বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে। উল্লেখ্য, অধ্যাপক, চিন্তাশীল লেখক, বাতৰিকাকতৰ সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক হিচাপে অসমৰ সমাজ আৰু সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে তেওঁ।

তেওঁ জনসাধাৰণ কাকতৰ মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ বৰ্ষত তেওঁৰ জীৱনজোৰা সাহিত্য অৱদানৰ বাবে ওজা হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা আৰু অসম সাহিত্য সভাৰ চগন লাল জৈন বঁটা লাভ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। উল্লেখযোগ্য যে দীৰ্ঘদিন দিন ধৰি তেওঁ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
শিৱনাথ বৰ্মনৰ মৃত্যু (Death of Shivnath Barman)ত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক শোকবার্তাত মুখ্যমন্ত্ৰীয়ে কয় যে শিৱনাথ বৰ্মনৰ মৃত্যু অসমৰ সমাজ, শিক্ষা আৰু সাহিত্য জগতৰ বাবে এক বিস্তৰ ক্ষতি। ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বিশিষ্ট চিন্তাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।













