![]()
আজি দিছপুৰৰ (Dispur) জনতা ভৱন (Janata Bhawan)ত অসম চৰকাৰ (assam govt.)ৰ কেবিনেট মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠতম সচিবসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত (meeting) অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত বৈঠকত ৰাজ্যত বৰ্তমানে ৰূপায়িত হৈ থকা বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ প্ৰকল্প আৰু যোৱা চিন্তন শিবিৰত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰী আৰু জ্যেষ্ঠতম বিষয়াসকলক সুশৃংখলিত আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ‘সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস নীতি’ৰে অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থা জনসাধাৰণকেন্দ্ৰিক কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট মন্ত্ৰীসকল ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা, অতুল বৰা, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, যোগেন মহন, নন্দিতা গাৰ্লোছা, জয়ন্তমল্ল বৰুৱা, সঞ্জয় কিষাণ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।













