
মিলনৰে এই শুভ ক্ষণ (চিকমিক বিজুলী, ভূপেন হাজৰিকাৰ সৈতে), সেইদিনা তৰালিৰ (ৰজনীগন্ধা), বাই যাওঁ বাই যাওঁ (ৰজনীগন্ধা), অ’ আহা তুমি আহা (পোনাকণ), অয় অয় আকাশ শুব (প্ৰতিধ্বনি), অ’ নয়নমণি (নয়নমণি, ভুপিন্দৰ সিঙৰ সৈতে), মা তুমি খেলিবানে (নয়নমণি, ভুপিন্দৰ সিঙৰ সৈতে), জীৱন ঘড়ীৰ প্ৰতিটো পল (কাঁচঘৰ), ফুলভৰা ফুলনিৰ (পোনাকণ), আকাশৰে নীলাই (পোনাকণ), বিজুলীৰ পোহৰ (চিকমিক বিজুলী) আদি জনপ্ৰিয় তথা চিৰসেউজ গীতত কণ্ঠ নিগৰোৱা প্ৰথিতযশা কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ (Suman Kalyanpur) দেহাৱসান (Death)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। জানিব পৰা মতে, দেওবাৰে লখণ্ডৱালাস্থিত নিজৰ ঘৰতে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বাৰ্ধক্যজনিত কাৰণতে তেওঁৰ মৃত্যু হয়। লগে লগে দেশৰ সংগীত জগতত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
১৯৩৭ চনৰ ২৮ জানুৱাৰীত অবিভক্ত বংগৰ ঢাকাত জন্ম সুমন কল্যাণপুৰৰ। পাঁচগৰাকী ভগ্নী আৰু এজন ভাতৃৰ ভিতৰত তেওঁ ডাঙৰ। ১৯৪৩ চনত পিতৃ শংকৰ ৰাও হেমাদী আৰু মাতৃ সীতা তেতিয়াৰ বম্বে চহৰলৈ গুচি আহিছিল। সুমন তাতেই ডাঙৰ-দীঘল হৈছিল। তেওঁ অৱশ্যে কণ্ঠশিল্পী হ’ব বিচৰা নাছিল। বৰঞ্চ সৰুতে তেওঁ ছবি আঁকি, চিলাই আৰু বাৰীৰ যত্ন ল’বলৈ ভাল পাইছিল। তেওঁৰ চিত্ৰ অংকনৰ চখ পিছৰ জীৱনতো চলি থাকে। সেই চখৰ বাবে সুমনে বম্বেৰ পূৰ্বৰ ছেইণ্ট কলম্বা স্কুলৰ পিছত ছাৰ জে জে স্কুল অব আৰ্টছত নামভৰ্তি কৰিছিল। কিশোৰী বয়সত নুৰজাহানৰ গীতবোৰ তেওঁৰ ভাল লাগিবলৈ ধৰে। স্কুল বা ঘৰুৱা অনুষ্ঠানত সুমনে গান গাইছিল। তেনে এক অনুষ্ঠানত মাৰাঠী সংগীত পৰিচালক প্ৰখ্যাত কেশৱৰাও ভোলেই তেওঁৰ গীত শুনি আপ্লুত হয় আৰু তেওঁৰ পিতৃ-মাতৃৰ সৈতে কথা পাতি কন্যাৰ প্ৰতিভা নষ্ট নকৰিবলৈ অনুৰোধ জনায়। তেওঁ নিজেই সুমনক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। কেশৱৰাৱে বুজি পাইছিল যে সুমনৰ কণ্ঠ লঘু সংগীতৰ বাবে আদৰ্শ। ইয়াৰ পিছত সুমনে তেওঁৰ পৰামৰ্শত লঘু সংগীতৰ ওপৰত গুৰুত্ব দিয়ে।

১৯৫২ চনত তেওঁ আকাশবাণীত প্ৰথম গীত পৰিবেশন কৰিছিল। ১৯৫৩ চনত সুমনে মাৰাঠী ছবি ‘শুকৰ্চি চান্দনী’ত গীত গাইছিল। ১৯৫৪ চনত ‘মাংগু’ ছবিৰ জৰিয়তে হিন্দী ছবিত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে। সুমনে শংকৰ জয়কিষাণ, ৰোশন, মদনমোহন, শচীনদেৱ বৰ্মন, হেমন্ত মুখাৰ্জী, অ’ পি নায়াৰ, নৌছাদ আদি সকলো বিখ্যাত সংগীত পৰিচালকৰ পৰিচালনাত কাম কৰিছে। মহম্মদ ৰফি আছিল তেওঁৰ অন্যতম সহ-শিল্পী। ৰফি আৰু সুমনে প্ৰায় ১৪০ টা দ্বৈত কণ্ঠত গীত পৰিবেশন কৰিছে। তেওঁলোকৰ দ্বৈত গীতবোৰৰ ভিতৰত আছে ‘আজকাল তেৰে মোৰে প্যাৰ কে চৰ্চে’, ‘না না কৰ কে প্যাৰ’ আদি। তেওঁ মন্না দে’ আৰু হেমন্ত মুখাৰ্জীৰ সৈতেও কণ্ঠ নিগৰাই গৈছে।
১৯৫৮ চনত সুমনে মুম্বাইৰ ব্যৱসায়ী ৰামানন্দ কল্যাণপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যদিও তেওঁলোক ৰক্ষণশীল পৰিয়ালৰ পৰা আহিছিল, তথাপিও বিয়াৰ পিছত সুমনে তেওঁৰ ছবিত গান গোৱা বন্ধ কৰা নাছিল। তেওঁৰ স্বামী ৰামানন্দ তেওঁৰ লগত ৰেকৰ্ডিঙলৈ গৈছিল। তেওঁলোকৰ একমাত্ৰ কন্যা চাৰুলা বিয়াৰ পিছত আমেৰিকাত বাস কৰিবলৈ লয়।
পঞ্চাশৰ দশকৰ পৰা সত্তৰৰ দশকলৈকে সুমনে হিন্দী ছবিত এটাৰ পিছত এটাকৈ ছুপাৰহিট গীত উপহাৰ দিয়ে। বিখ্যাত ছবিসমূহৰ ভিতৰত আছে ‘বাত এক ৰাত কি’, ‘দিল এক মন্দিৰ’, ‘নূৰ জাহান’, ‘দিল হী তো হায়’, ‘জাহানাৰা’, ‘পাকিজা’ ইত্যাদি। তেওঁ বহু বাংলা গীতো গাইছে। ‘মনে কাৰো আমি নেই বসন্ত এছে জেয়ে’ (গীতৰ কথা পুলক বেনাৰ্জী আৰু সংগীত ৰাতু মুখাৰ্জী), ‘অমৰ স্বপ্ন দেহাৰ দু’টি নয়ন’ (গীত মুকুল দত্ত আৰু সংগীত ৰবীন বেনাৰ্জী) আজিও চিৰসেউজ।
সুমনৰ কণ্ঠ লতা মংগেশকাৰৰ দৰেই আছিল। বহুবাৰ দুয়োৰে তুলনাও হৈছে। এইদৰেই কেতিয়াবা সুমনৰ গীতবোৰ লতাৰ গীত বুলি পৰিচিত হৈছিল। সুমনে কৈছিল যে কিংবদন্তি গায়িকা লতা তেওঁৰ প্ৰিয় শিল্পী। কিন্তু ইচ্ছাকৃতভাৱে কেতিয়াও তেওঁক অনুকৰণ কৰা নাছিল।
সুমনৰ শাস্ত্ৰীয় গায়কীৰ অভিলেখ বিৰল। কিন্তু শাস্ত্ৰীয় সংগীততো তেওঁৰ অনায়াসে বিচৰণ আছিল। হিন্দী ছবিৰ ৰাগপ্ৰধান গীতৰ বাবে তিনিবাৰকৈ ‘সুৰ শ্ৰীনগৰ সংসদ’ বঁটা লাভ কৰে। ২০০৯ চনত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক ‘লতা মংগেশকাৰ বঁটা’ৰে সম্বৰ্ধনা জনায়। ২০২৩ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটাৰে সন্মানিত কৰে।








