![]()
আকৌ ঘাতক ৰূপত এগৰাকী প্ৰেমিক। পুনৰ বাৰ আন এক হত্যাকাণ্ড (Murder) সংঘটিত হৈছে গুৱাহাটী (Guwahati) মহানগৰীৰ চানমাৰিস্থিত জ্যোতিনগৰত (joytinagar)। দীৰ্ঘদিন ধৰি ওড়িশাৰ জয় কুমাৰ নামৰ এগৰাকী যুৱকৰ সৈতে জ্যোতিনগৰত ভাড়াতীয়া হিচাবে আছিল যুৱতী এগৰাকী।

শুকুৰবাৰে যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ঘৰৰ মালিকে যুৱতীগৰাকীৰ সন্দেহ যুৱক গৰাকীৰ ওপৰত। উক্ত ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে জয়কুমাৰ। ঘটনা সন্দৰ্ভত ভাড়াঘৰৰ মালিকে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে।













