![]()
আজি অসম সমবায় এপেক্স বেংক (Assam Co-operative Apex Bank) লিমিটেডৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস (75th Foundation Day)। এই উপলক্ষে গুৱাহাটীত আয়োজিত অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত অনুষ্ঠানত ১০০গৰাকী নতুন নিযুক্তিপ্ৰাপ্ত (Newly appointed)ক নিযুক্তি-পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে বেংকৰ দুখন ভ্ৰাম্যমাণ এ টি এম ভানো মুকলি কৰে। অনুষ্ঠানত বিষয়াসকলক বেংক সম্পৰ্কীয় উন্নত ধাৰণা বিকশিত কৰিবলৈ আৰু গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়োৱাৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাওয় মুখ্যমন্ত্ৰীয়ে।
আনহাতে, নিষ্ঠাৱান গ্ৰাহকৰ ডাটাবেচ বিকশিত কৰিবলৈ আৰু অহা কেইবছৰমানৰ ভিতৰত ৰাষ্ট্ৰীয়কৃত বেংকৰ মৰ্যাদা লাভ কৰাৰ বাবে এক মিছন মোডত কাম কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী কেশৱ মহন্ত, যোগেন মহন, জয়ন্তমল্ল বৰুৱা, নন্দিতা গাৰ্লোছা, বেংকটোৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকন, উপাধ্যক্ষ গৌতম বৰা আৰু বেংকৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।













