অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) প্ৰাক্তন সভাপতি (Former President), বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ যজ্ঞেশ্বৰ শৰ্মাৰ (Yajneshwar Sharma) জন্মদিৱসৰ লগত সংগতি ৰাখি সাহিত্যাচাৰ্যৰ একান্ত অনুগামী বিশিষ্ট সাহিত্যিক (Eminent writer) উপেন্দ্ৰ বৰকটকীক আজি ‘সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা’ প্ৰদান (Providing) কৰা হয়।
উত্তৰ- পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক-সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাই আজি বিয়লি নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বৰ্ষীয়ান সাহিত্যিক বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান কৰে। উক্ত বঁটাত সাহিত্যিকগৰাকীক শৰাই, গামোচা, চেলেং, অংগবস্ত্ৰ, স্মাৰক আৰু ফুলৰ থোপাৰে সন্মান জনোৱা হয়।
আনহাতে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ সোঁৱৰণত বঁটা গ্ৰহণ কৰি পৰম সন্ত্তষ্টি লাভ কৰা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কয় – প্ৰত্যক্ষভাৱে শিক্ষাবিদ যজ্ঞেশ্বৰ শৰ্মাছাৰৰ মই ছাত্ৰ নহলেও তেখেতৰ গুণৰাজী আৰু ব্যক্তিত্বই মোক মুগ্ধ কৰিছিল । আনহাতে পাণ্ডিত্য আৰু প্ৰতিভা এই দুয়োটাই যজ্ঞেশ্বৰ শৰ্মাৰ জীৱনত সু-সমন্বয় ঘটিছিল বুলি উল্লেখ কৰি বৰকটকীয়ে লগতে কয় যে পাণ্ডিত্য আৰু প্ৰতিভাই তেখেতক মহিমামণ্ডিত কৰিছিল।
এই পাণ্ডিত্য আৰু প্ৰতিভাৰ লগত যজ্ঞেশ্বৰ শৰ্মাৰ আন দুটা সম্পদো আছিল। সেই দুটা হৈছে অধ্যয়ন আৰু অধ্যাপনা। অধ্যয়ন আৰু অধ্যাপনাক তেখেতে জীৱনৰ ব্ৰত হিচাপে লৈছিল। জ্ঞানপিপাসু এই গৰাকী ব্যক্তিয়ে শৈক্ষিক ডিগ্রীৰে মানুহক মূল্যায়ন কৰা নাছিল। আনহাতে পাঠ্যক্ৰমৰ প্ৰায় সকলো বিষয়তে দখল থকা যজ্ঞেশ্বৰ শৰ্মাৰ পাঠদান পদ্ধতি কেৱল আনন্দদায়কেই নাছিল প্ৰেৰণা দায়কো আছিল বুলি বিশিষ্ট সাহিত্যিক বৰকটকীয়ে মত প্ৰকাশ কৰে ।
প্ৰসংগ ক্ৰমে তেওঁ যজ্ঞেশ্বৰ শৰ্মাৰ এক প্ৰগতিবাদী চিন্তা থকাৰ বিষয়ে উল্লেখ কৰি এই বিষয়ে বিশেষ আলোচনা হোৱা নাই বুলিও কয়। আনহাতে অম্বিকাগিৰি ৰায় চৌধুৰী, বেনুধৰ শৰ্মা আৰু যজ্ঞেশ্বৰ শৰ্মা এই তিনিগৰাকীক নিজৰ আৰাধ্য ব্যক্তি বুলিও সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে মন্তব্য কৰে ।
নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ‘অনুপ্ৰেৰণা’ৰ প্ৰতিষ্ঠাপক সম্পাদক দীপজ্যোতি শইকীয়াই সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক আদৰণি জনোৱাৰ লগতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান অনুপ্ৰেৰণাই বিগত সময়ত ৰূপায়ন কৰা বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে।
অধিবক্তা তথা সাংস্কৃতিক কৰ্মী মুকুল বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়ে উল্লেখ কৰি কয় যে যজ্ঞেশ্বৰ শৰ্মাই শতপত্ৰৰ জৰিয়তে আমাক কবিতাৰ মন্দিৰলৈ সোমাই যোৱাৰ বাট দেখুৱাই দিছিল।
নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ কৰবী দেৱীয়ে গুৰুবন্দনাৰে আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্য -সমালোচক প্ৰভাত বৰা, সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ কনিষ্ঠ পুত্ৰ ডাঃ প্ৰমেশ কুমাৰ শৰ্মা, অনুপ্ৰেৰণাৰ উপদেষ্টা মনোমতী কুৰ্মী,সুষেন শৰ্মা , শিক্ষাবিদ জীৱেশ্বৰ গোস্বামী, সাহিত্যক মণিমালা শইকীয়াৰ লগতে নগাঁও মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ- ছাত্রীসকলে অংশগ্ৰহণ কৰে।