আজিৰ পৰা ডিফু (Diphu)ত উদ্যোগ আৰু বাণিজ্য (Industry and Commerce ) বিভাগৰ উদ্যোগত চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে হস্তশিল্প প্ৰদৰ্শনীসহ (With handicraft exhibitions) বাণিজ্যমেলা (Trade Fair)। আজি দুপৰীয়াৰ ভাগত ডিফুস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্য্যালয়ত প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বিভাগীয় সচিব চিম তাৰ’য়ে।
প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ বিভিন্ন অত সহায়ক গোট আৰু ব্যক্তিগত বিপনীৰ জৰিয়তে শিল্পীসকলৰ হস্ত নিৰ্মিত সা- সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয় ।সাংবাদিকৰ হৈতে হোৱা বাৰ্তালাপত উদ্য্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক মিৰলিনা তেৰাংপিয়ে কয় যে, ৬ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে এই হস্তশিল্প সহ বাণিজ্য মেলাৰ সপ্তাহ শুভাৰম্ভ কৰা হৈছে।
ইয়াত অংশগ্ৰহণ কৰা ২৫ টা আত্ম সহায়ক গোট আৰু ব্যক্তিগত বিপনীসমূ্হৰ শ্ৰেষ্ঠ প্ৰদৰ্শনীৰ বাবে ক্ৰমে, প্ৰথম পুৰষ্কাৰৰ বাবে ৫ হাজাৰ, দ্বিতীয় পুৰস্কাৰৰ বাবে ৩ হাজাৰ আৰু তৃতীয় পুৰস্কাৰৰ বাবে ২ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব।
লগতে নিচুকণি পুৰস্কাৰ হিচাপে তিনিটা গোটক ১ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদৰ্শনীৰ লগতে প্ৰতিযোগিতাৰ ব্যবস্থা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে।