পথৰ কাষৰ ফুটপাথত Footpath হৈছে ডাঙৰ-দীঘল। কিন্তু এতিয়া ৮ বছৰীয়া লʼৰাটো যাব আমেৰিকালৈ America যাব। পাটনা চহৰৰ এই ঘটনা। ল’ৰাটোৰ নাম অৰ্জিত। মাক-দেউতাকৰ অবিহনে পাটনাৰ ৰাজপথত কটাইছিল শৈশৱ। কাৰণ অৰ্জিত অনাথ।

এতিয়া তেওঁ আমেৰিকাত স্থায়ী বাসস্থান পালে। সূত্ৰ মতে, অৰ্জিতক দত্তক লৈছে আমেৰিকান দম্পতীয়ে। জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ অৰ্জিত আমেৰিকালৈ যাব।
এএনআইৰ সূত্ৰ অনুসৰি, অৰ্জিত সৰুৰে পৰাই বিশেষভাৱে সক্ষম। পাটনাৰ এটা দুৰ্গম অঞ্চলৰ ৰাজপথত ঠাণ্ডাত তেওঁ পৰি আছিল। এই অৱস্থাত অৰ্জিতক প্ৰথম তিনিবছৰ পূৰ্বে দেখা পাইছিল আমেৰিকান মিলাৰ দম্পতীহালে। তেতিয়াই তেওঁলোকে অৰ্জিতক দত্তক লোৱাৰ সিদ্ধান্ত লৈছিল। কৰ্নেল আৰু কেথলিন মিলাৰ দুয়োজনেই পেছাত চিকিৎসক।
পাটনাৰ দনাপুৰৰ এজন সংশ্লিষ্ট বিষয়াই কয় যে পাছপোৰ্ট বনোৱাৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় নথি-পত্ৰ পোৱাৰ লগে লগে দম্পতীহালে অৰ্জিতক আমেৰিকালৈ লৈ যাব। পাছপোৰ্ট বনোৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈও আবেদন জনাইছে। সূত্ৰ অনুসৰি, মিলাৰ দম্পতীয়ে ইতিমধ্যে দত্তক লোৱাৰ বাবে মানি চলিবলগীয়া সকলো পদ্ধতি সম্পূৰ্ণ কৰিছে।
সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত কৰ্ণেলে কয়, “কেথলিন আৰু মই দুয়োজনেই শিশুক ভালপাওঁ। দত্তক লোৱাৰ প্ৰক্ৰিয়াটো দীঘলীয়া। কিন্তু আমি আমাৰ লʼৰাটোক ওচৰত পালোঁ৷ সেই কথাত আমি সুখী। আমি তাক আমাৰ নিজৰ সন্তানৰ দৰে যত্ন লৈ ডাঙৰ-দীঘল কৰিম।”
ইয়াৰ আগতেও কৰ্ণেল আৰু কেথলিনে তিনিগৰাকী কন্যা সন্তান দত্তক লৈছে। লগতে তেওঁলোকে কয় যে অৰ্জিতৰ চিকিৎসা আমেৰিকালৈ যোৱাৰ পিছত আৰম্ভ হʼব। এই প্ৰসংগত কেথলিনে কয়, “আমি চিকিৎসকৰ লগত কথা পাতিছো। যেতিয়া তেওঁ গৈ পাব তেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰা হʼব।”