নাগালেণ্ডৰ Nagaland মন জিলা কাৰাগাৰৰ Prison পৰা ৯ জন কয়দীৰConvict পলায়ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি, মন কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কালি দিনৰ প্ৰায় এক ৯ কয়দীয়ে উচ্চ দেৱাল অতিক্ৰম কৰি পলায়ন কৰে।
উল্লেখ্য যে, উক্ত ৯ জন কয়দীৰ ২ জন আদালতে চুড়ান্ত শাস্তি বিহাৰ হেতু কাৰাগাৰত থকাৰ বিপৰীতে আন ৭ গৰাকী কয়দীৰ গোচৰ আদালতত ট্ৰাইল অৱস্থাত আছিল। ইতিমধ্যে নাগালেণ্ডত এই ঘটনাৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু কয়দীৰ অনুসন্ধান অব্যাহত ৰখা হৈছে।
পলায়ন কৰা কয়দী কেইগৰাকী হৈছে ক্ৰমে পনফা কন্যাক, য়েনঘাত, টাইৱান কন্যাক, মানফা কন্যাক, তামযান কন্যাক, আমপুং কন্যাক,তাহয়াও কন্যাক,বনজেল, তাওনিয়াল কন্যাক।