৪ মে’ কার্বি আংলং জিলা প্লেছ ক্লাবৰ (Karbi Anglong District Press Club) নবনির্বাচিত সমিতিৰ প্রথমখন কার্যনির্বাহক বৈঠক (The first executive meeting) আজি সভাপতি দিগান্ত টেৰণৰ পৰিচালনাত অনুষ্ঠিত হয়। জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দেবজ্যোতি বৰাই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে কার্যনির্বাহক সভাত আলোচনা হ’বলগীয়া বিষয়বস্তু সন্দর্ভত ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে ২০১৭ চনত গঠন হোৱা কাবি আংলং জিলা প্ৰেছ ক্লাবৰ পূৰ্বৰ কমিটিখনৰ কার্যকাল শেষ হোৱাৰ পাছত যোৱা জানুৱাৰী মাহত নতুন সমিতি নির্বাচিত কৰা হৈছিল।
আজিৰ সভাত বহু কেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সাধাৰণ সম্পাদক দেবজ্যোতি বৰাৰ প্রস্তাৱ মর্মে প্ৰেছ ক্লাৱৰ সংবিধানৰ বহু কেইটা অনুলেখ বাতিল কৰাৰ লগতে নতুনকৈ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰ ভিতৰতত জিলা প্ৰেছ ক্লাৱৰ সদস্য পদ লাভৰ ক্ষেত্রত কোনো ৰাজনৈতিক দলৰ লগত সম্বন্ধ আৰু সামাজিক সংগঠনৰ সৈতে জড়িত ব্যক্তিয়ে সদস্য পদ লাভ কৰিব নোৱাৰে বুলি প্রস্তাব গ্রহণ কৰা হয়।
ইয়াৰ লগতে সংবাদ প্রতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে প্ৰেছ ক্লাৱৰ নির্বচনত অংশগ্রহণ কৰা আৰু ভোটাধিকাৰ বাতিল কৰাক লৈ সিদ্ধান্ত গ্রহণ কৰা হয়। প্ৰেছ ক্লাবৰ আগন্তুক সাধাৰণ সভাত এই সংবিধান সংশোধনৰ প্রস্তাব উত্থাপন কৰা হ’ব।
ইয়াৰোপৰি পৰ্টেলৰ সাংবাদিকৰ সদস্য পদ লাভ কৰাৰ ক্ষেত্রতো পুনৰ আলোচনা অনুষ্ঠিত হ’ব বুলি প্রস্তাৱ গ্রহণ কৰা হয়। আজিৰ এই সভাত জিলা প্ৰেছ ক্লাৱৰ নবনির্বাচিত সভাপতি-সম্পাদক, কার্যকৰী সভাপতি ডেনিয়েলছন বে’, উপ-সভাপতি দিপাংকৰ দাস সহ অন্যান্য বিষয়ববীয়া আৰু কার্যকৰী সমস্যসকল উপস্থিত থাকে।