অহা ২৪ নৱেম্বৰত লাচিত দিৱস Lashit Divas। উল্লেখযোগ্য যে এইবাৰ হৈছে ৪০০ বছৰীয়া লাচিত জয়ন্তী। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমৰ লগতে দিল্লীতো পালন কৰা হ’ব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। উক্ত অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Narendra Modi।
তাৰ প্ৰাক মুহূৰ্তত আজি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ শীৰ্ষ সংগীত মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখামন্ত্ৰীয়ে কয়, “শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী অসম চৰকাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ দিহা কৰিছে৷
এই উদযাপনৰ অংশ হিচাপে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত আজি এটা ‘শীর্ষ গীত’ (থীম ছং) আনুষ্ঠানিকভাৱে মুকলি কৰি আনন্দিত হৈছোঁ৷ জুবিন গাৰ্গে প্ৰস্তুত কৰা গানটোৰ জৰিয়তে মহাবীৰ লাচিতৰ সাহস-ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ লগতে লাচিত দিৱসৰ গুৰুত্ব আৰু ভাবাবেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ শীর্ষ গীতটোত নিগৰিত হৈ থকা স্বদেশপ্ৰেমে অসমবাসীক পুনৰ এবাৰ স্বদেশ আৰু স্বজাতিৰ প্ৰেমেৰে উজ্জীৱিত কৰাৰ লগতে মহাবীৰগৰাকীৰ আদৰ্শক নৱপ্ৰজন্মৰ হৃদয়ত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব বুলি মই দৃঢ় বিশ্বাসী৷”
অনুষ্ঠানটিত মন্ত্ৰীবৃন্দ অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, সঞ্জয় কিষাণ, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিমল বড়া আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷