গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত Gauhati Medical College and Hospital নতুনকৈ নিৰ্মাণ কৰি উলিওৱা পাঁচটা ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Chief Minister Himanta biswa sarma। লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াইছে এই নতুন ভৱনকেইটা। উল্লেখ্য, অইল ইণ্ডিয়া লিমিটেডৰ চি আৰ আছ পুঁজি আৰু অসম চৰকাৰৰ আৰ্থিক সাহায্যত ৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৮৫০ খন আসনৰ আধুনিক প্ৰেক্ষাগৃহটোও আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰে।
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনক কেৱল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশৰ ৰোগীক সেৱা আগবঢ়াই স্বাস্থ্য সেৱাৰ বিশ্বমানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ প্ৰয়াসৰ অংশ হিচাপে আজি অইল ইণ্ডিয়া লিমিটেডৰ চি এছ আৰ পুঁজি আৰু অসম চৰকাৰৰ আৰ্থিক সহায়ত ৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক সা-সুবিধাসম্পন্ন প্ৰেক্ষাগৃহটো।
ইয়াৰ লগতে ২ কোটি টকা ব্যয়ৰে নিৰ্মিত জি এম চি এইচৰ অধ্যক্ষৰ বাসগৃহ, চিকিৎসাৰ বাবে অহা পৰিচাৰক আৰু ৰোগীসকলৰ বাবে পাৱাৰগ্ৰিড কৰ্প’ৰেচনৰ পৰা চি এছ আৰ পুঁজিৰ অধীনত ১৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৫৬খন বিছনাযুক্ত ডৰমেটৰী আৰু ছাত্ৰাৱাস আৰু নাৰ্ছৰ আৱাসৰ বাবে ক্ৰমে আনুমানিক ১১ কোটি আৰু ৩.৩২ কোটি ব্যয়ৰে নিৰ্মাণ কৰা ভৱন আছে।”
লগতে জি এম চি এইচৰ বাবে আধুনিক খেলপথাৰৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ ওপৰত কাম কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বাবে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিb বুলিও তেওঁ কয়।
আজিৰ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্যও উপস্থিত থাকে।