আজি দেশজুৰি পালন কৰা হৈছে ‘জনজাতীয় গৌৰৱ দিৱস’। দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদানেৰে ভাৰত মাতৃৰ শিৰ উজলাই তোলা মহান জনজাতীয় স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত বেলতলাস্থিত দলৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, “বীৰছা মুণ্ডা আছিল এগৰাকী স্বাধীনতা যুঁজাৰু, ধৰ্মীয় নেতা আৰু জনজাতীয় লোকসমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। বীৰছা মুণ্ডা নামৰ এটি প্ৰতিবাদী কণ্ঠ, এটি দূৰদৰ্শী চিন্তা চিৰ জাগ্ৰত কৰি ৰাখিবলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ আৰম্ভ কৰিছে সেয়া আদৰণীয়।”
উল্লেখ্য, মহান জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, “আজি বীৰছা মুণ্ডাৰ পৱিত্ৰ জয়ন্তীত আমি প্ৰতিজ্ঞাবদ্ধ হ`ব লাগিব যে আমি আমাৰ জনজাতীয় গৌৰৱ জীয়াই ৰাখিম আৰু আমাৰ পৰম্পৰাগত সংস্কৃতিক সংৰক্ষণ কৰিম।”
উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰীদ্বয় ডা: ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, দলৰ ৰাষ্ট্ৰীয় নেতা অৰুণ ওৰাং, সাংসদ হৰেনছিং বে’, বিধায়ক নৱ কুমাৰ দলে, ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্ম প্ৰমুখ্যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য আৰু বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।