![]()
সভাপতি নিৰ্বাচনক লৈ বিজেপিৰ সৈতে কংগ্ৰেছৰো সংঘাত। অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া সভাপতি নিৰ্বাচনৰ অন্যতম প্ৰাৰ্থী শশী থাৰুৰক কটাক্ষ কৰি কয় যে আগন্তুক দিনত শশীক ভোট দিয়া এহেজাৰ সাহসী কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিবলৈ ওলাইছে। তেওঁৰ এই কথাৰ উত্তৰ আহিছে কেৰালাৰ পৰা। শশীয়ে কয়, “আপোনাৰ সাহস থাকিলে আপুনি কংগ্ৰেছত যোগদান কৰিব পাৰে!”
শনিবাৰৰ পৰা আৰম্ভ হৈছে এই তৰ্ক যুদ্ধ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তথাকথিত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পূৰ্বেই ফলাফল জানিব পৰা গৈছিল। মই কʼব বিচাৰো যে কংগ্ৰেছত মাত্ৰ হাজাৰমান গণতান্ত্ৰিক মনৰ মানুহ আছে, যিয়ে সাহস দেখুৱাই শশী থাৰুৰক ভোট দিছিল।
মই জানো যে অতি সোনকালে তেওঁলোক সকলোৱে বিজেপিত যোগদান কৰিব।” শশীয়ে এই কথাৰ উত্তৰ দিয়ে। তেওঁ কয়, “আপোনাৰ যদি সাহস আছে, তেন্তে বিজেপিত যোগদান কিয়! যিসকলৰ যুঁজৰ সাহস নাই তেওঁলোকে বিজেপিত যোগদান কৰিব।” উল্লেখ্য, ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাজত হৈছিল এই প্ৰতিদ্বন্দিতা।
প্ৰায় ডেৰ-দুই দশকৰ পিছত এইটোৱেই প্ৰথম কংগ্ৰেছৰ সভাপতি নিৰ্বাচন যʼত গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাই। বেলট বাকচ খুলিলেই গম পোৱা যায় যে শশীয়ে ১০৭২ টা ভোট লাভ কৰে। আনহাতে, খৰ্গেয়ে লাভ কৰে ৭,৮৯৭টা ভোট। মূলত শশীয়ে পোৱা ভোটৰ কথা উল্লেখ কৰি হিমন্তই এই মন্তব্য কৰে। বিনিময়ত শশীয়ে হিমন্তক নিজৰ অতীতৰ কথা সোঁৱৰাই দিয়ে।













