KGF বিতৰ্কত একাউণ্ট ব্লক ! কংগ্ৰেছৰ মতে, এই সন্দৰ্ভত দলটোৱে কোনো প্ৰতিলিপি লাভ কৰা নাই। কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই কেইবাখনো ৰাজ্য ভ্ৰমণ কৰি এতিয়া মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছে। ইফালে এই কাৰ্যসূচীক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে।
যাৰ ভিতৰত বৰ্তমান আছে কেজিএফ বিতৰ্ক। অভিযোগ অনুসৰি, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ এটা ভিডিওত KGF2-ৰ এটা গীত ব্যৱহাৰ কৰা হৈছে। এই মুহূৰ্তত সমগ্ৰ দেশতে এই চিনেমাখনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। চিনেমাখনৰ গীতৰ ব্যৱহাৰৰ অভিযোগত আদালতত গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰৰ শুনানিৰ সময়ত কংগ্ৰেছক কোনো কপিৰাইটযুক্ত কাম ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
একে সময়তে বেংগালুৰু আদালতে কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ অফিচিয়েল টুইটাৰ হেণ্ডেল বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। স্বাভাৱিকতে আদালতৰ এই নিৰ্দেশৰ পিছত বিতৰ্ক আৰম্ভ হৈছে। অৱশ্যে কংগ্ৰেছে অৱগত কৰে, এই নিৰ্দেশনা আৰু শুনানিৰ সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো তথ্য নাই।
খবৰ আহিছে যে শুনানিত দলটোৰ কোনো লোক উপস্থিত নাছিল। টুইটাৰ একাউণ্টটো স্থগিত ৰখাৰ সন্দৰ্ভত লিখিতভাৱে কোনো নিৰ্দেশনা পোৱা নাই বুলি দাবী কৰে কংগ্ৰেছে। ছচিয়েল মিডিয়াৰ জৰিয়তে এই বিষয়ে তেওঁলোকে জানিবলৈ পোৱা বুলিও দলটোৱে অৱগত কৰে।