খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা উপায়ুক্ত-আৰক্ষী অধীক্ষক সন্মিলনৰ প্ৰথম পৰ্যায়ৰ বৈঠকৰ সমাপ্তি। এই প্ৰথম পৰ্যায়ৰ বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে জিলা সমূহৰ উপায়ুক্ত আৰু শীৰ্ষ পদবী বিষয়া সকল উপস্থিত থাকে।
মিছন বসুন্ধৰা-২, মিছন ভূমিপুত্ৰ তথা অনাগত ২৪ নৱেম্বৰত আয়োজন হ’বলগীয়া লাচিত দিৱস সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম পৰ্যায়ৰ বৈঠকত আলোচনা কৰে। লগতে, লাচিত দিৱসৰ দিনা মুকলি পাবলগীয়া পৰ্টেলটোৰ জৰিয়তে শৈক্ষিক প্ৰতিযোগিতা আয়োজন তথা এই আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সকলক নিৰ্দেশ প্ৰদান কৰি তেওঁ আগন্তুক দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন সম্পৰ্কতো শীৰ্ষ বিষয়া সকলৰ সৈতে আলোচনা কৰে।
উল্লেখ্য যে, বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীত ইতিমধ্যেই ১০০ শতাংশ মিছন ভূমিপুত্ৰৰ কাম সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰে।
অইন জিলা সমূহতো ৮০ শতাংশ কাম সম্পন্ন হোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।আনহাতে, কেৱল আৰক্ষী অধীক্ষক আৰু শীৰ্ষ বিষয়া সকলক লৈ অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ বৈঠক মাজনিশা পৰ্যন্ত চলিব বুলিও জানিব পৰা গৈছে।