![]()
আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ল চিটিবাছৰ ই-টিকট ব্যৱস্থা। এতিয়াৰে পৰা ই-টিকট অবিহনে যাত্ৰীৰ পৰা আদায় কৰিব নোৱাৰিব ভাৰা, লগতে নিজৰ সুবিধা অনুসৰি বঢ়াব নোৱাৰিব ভাৰা। ফলত আজিৰ দিনটোত ইয়াৰ বাবে বহুতো হুলস্থুলৰ সৃষ্টি হয় মহানগৰত।
বহুকেইখন চিটিবাছে এই ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ভৰিবলগীয়া হয় ১০ হাজাৰলৈকে জৰিমনা। চালক-হেণ্ডিমেনৰ মতে আজি এই ব্যৱস্থাটো ব্যৱহাৰ কৰিব দিয়াৰ লগতেই কৰিব নোৱাৰি। ফলত অসুবিধাৰ সৃষ্টি হৈছে।উল্লেখ্য, পৰিবহণ নিগমৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত লোৱা হৈছে।
আজিৰে পৰা চিটিবাছৰ পৰিচালকৰ ডিঙিত ওলমি থাকিব লাগিব ই-টিকটৰ মেচিন। ইতিমধ্যে ইয়াৰ বাবে অন্ধ্ৰপ্ৰদেশৰ পৰা ইয়াৰ বাবে ক্ৰয় কৰা হৈছে ৬০০ মেচিন।













