ধৰ্ষণৰ গোচৰত ‘দুটা আঙুলিৰ পৰীক্ষা’ নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে এই ৰায় দিয়ে। বিচাৰপীঠে আৰু কয় যে যিকোনো ধৰ্ষণৰ গোচৰত ‘টু ফিংগাৰ টেষ্ট’ৰ নিৰ্দেশ দিলে তেওঁলোকক অসৎ আচৰণৰ দোষী সাব্যস্ত কৰা হʼব।
তেলেংগানা উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকৰ দোষী সাব্যস্ত কৰাক সমৰ্থন কৰে। উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে যেতিয়া উচ্চতম ন্যায়ালয়ত আপীল কৰা হৈছিল, তেতিয়া গোচৰৰ শুনানিৰ শেষত আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় দিছিল।
ন্যায়াধীশ চন্দ্ৰচুড়ৰ বিচাৰপীঠে কয়, “এই আদালতে ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত দুই আঙুলিৰ পৰীক্ষাৰ ব্যৱহাৰ বাৰে বাৰে নাকচ কৰি আহিছে। এই পৰীক্ষাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ফলত মহিলাসকল পুনৰ যৌন নিৰ্যাতনৰ বলি হয়। দুটা আঙুলিৰ পৰীক্ষা কৰিব নালাগে।
যৌন সক্ৰিয় মহিলাক ধৰ্ষণ কৰিব নোৱাৰিব বুলি ভ্ৰান্ত ধাৰণাটোৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষা ব্যৱস্থাটো গঢ় লৈ উঠিছে। কিন্তু এগৰাকী মহিলাৰ সাক্ষ্যৰ বিশ্বাসযোগ্যতা তেওঁৰ যৌন ইতিহাসৰ ওপৰত নিৰ্ভৰ নকৰে। যেতিয়া এগৰাকী মহিলাই ধৰ্ষণ কৰা বুলি দাবী কৰে, তেতিয়া কেৱল যৌন সক্ৰিয় হোৱাৰ বাবেই তেওঁক অবিশ্বাস কৰাটো এটা পিতৃতন্ত্ৰ আৰু লিংগ বৈষম্যমূলক প্ৰথা।”
আদালতে স্পষ্ট কৰি দিয়ে যে কোনো ধৰ্ষণ বা যৌন নিৰ্যাতন চলোৱা মহিলাৰ ওপৰত আৰু ‘দুটা আঙুলিৰ পৰীক্ষা’ কৰিব নোৱাৰিব। এই কথা নিশ্চিত কৰিবলৈ আদালতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই নিৰ্দেশনা দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত যাতে উপনীত হয় তাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে। একে সময়তে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত স্বাস্থ্যকৰ্মীসকলৰ বাবে কৰ্মশালাৰ আয়োজন কৰিবলৈও নিৰ্দেশ দিছে।