ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কিছু নিলগৰ বৰলাংফেৰ থানা এলেকাত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ এগৰাকী তিনি সন্তানৰ মাতৃ লগতে বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে উৎপল মজুমদাৰ নামৰ এজন লোক ৷ ধৰ্ষিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া ৭-৩০ বজাত উৎপল মজুমদাৰে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি তাইক বলপূৰ্বক ধৰ্ষণ কৰি পলাই যায় ৷
জানিব পৰা মতে ধৰ্ষিতা মহিলাগৰাকীৰ স্বামী তিনিমাহ পূৰ্বে তেওঁৰ লগতে তিনিটা সন্তান ইহসংসাৰত এৰি স্বৰ্গবাসী হৈছে ৷ এই সন্দৰ্ভত ধৰ্ষিতাৰ বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ ধৰ্ষিতাৰ এজাহাৰৰ ভিত্তিত বৰলাংফেৰ আৰক্ষীয়ে উৎপল মজুমদাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ এইলৈ বৰলাংফেৰ থানাত 9/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 448/376-ত গোছৰ ৰুজো দি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷