দেশৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ডি ৱাই চন্দ্ৰচুড়ক অধিষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে।৯ নৱেম্বৰত অৱসৰ লʼব ললিতে। ইতিমধ্যে মুখ্য ন্যায়াধীশে ডি ৱাই চন্দ্ৰচুড়ক এই পৰামৰ্শ পত্ৰ প্ৰদান কৰিছে।
কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে যোৱা ৭ অক্টোবৰত মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল।নতুন ন্যায়াধীশৰ নাম পৰামৰ্শ দিবলৈ অনুৰোধ কৰা হৈছিল। ডি ৱাই চন্দ্ৰচুড় দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হʼবলৈ গৈ আছে। তেওঁ দুবছৰলৈ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হʼব। ২০২৪ চনৰ ১০ নৱেম্বৰত তেওঁৰ অৱসৰ।
ইফালে, উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশৰ খালী পদ পূৰণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে পাঁচগৰাকী শীৰ্ষ ন্যায়াধীশৰ কলেজিয়ামে। ফলত মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বাধীন কলেজিয়ামে আৰু সেই চাৰিটা খালী পদ পূৰণৰ বাবে পদক্ষেপ গ্রহণ নকৰে৷ ৯ নৱেম্বৰত অৱসৰ লʼব মুখ্য ন্যায়াধীশ ললিতে। তাৰ পিছত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন কলেজিয়ামে বিষয়টোৰ সন্দৰ্ভত সিদ্ধান্ত লʼব পাৰে।