ASSAM TIMES POST
ডিফুঃ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব অসম চৰকাৰে বেচৰকাৰী সন্থাক প্ৰদান কৰাৰ পিছৰে পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু কৰ্মী সকলৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীয়ে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷
অৱশ্যে কাৰবি আংলং জিলাত মধ্যাহ্ন ভোজনৰ দায়িত্ব কোনো বেচৰকাৰী সন্থাক দিয়া হোৱা নাই যদিও চৰকাৰে গ্ৰহণ কৰা এনে সম্ভাব্য পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকা- কৰ্মী সকল ৷
আজি পুৱাৰ ভাগত মধ্যাহ্ন ভোজনৰ ৰান্ধনি কৰ্মী সকলে ডিফু মাঞ্জা– সংযোগী পথ অৱৰোধ কৰাত দীৰ্ঘ সময় ধৰি পথটোৰে যাতায়ত ব্যৱস্থা হয় অচল হৈ পৰা পৰিলক্ষিত হয় ৷প্ৰতিবাদকাৰী সকলে দৰমহা মাহে ১৬০০ টকালৈ বৃদ্ধি কৰা তথা চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক গতাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তোলে ৷