![]()
আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন ৩১ অক্টোবৰ দিনটো ২০১৪ চনৰ পৰা ভাৰত চৰকাৰে একতা দিৱস হিচাবে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সমগ্র দেশৰ লগতে আজি অসমতো পালন কৰা হয় একতা দিৱস। এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত হয় কেন্দ্ৰীয় কাৰ্যসূচী। আজি পুৱা নেহৰু ষ্টেডিয়ামত ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একতাৰ দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতৰ একতা আৰু স্বতন্ত্ৰতাৰ ভেটি সুদৃঢ় কৰা মহান সত্তাগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ যুৱক-যুৱতীসকলক চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশৰ অখণ্ডতাৰ ভেটি অধিক সুদৃঢ়কৰণত অৰিহণা যোগাবৰ বাবে নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনালোঁ।”

লগতে একতাৰ দৌৰৰ আয়োজক আৰু সকলো অংশগ্ৰহণকাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই একতাৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ ভুৱনেশ্বৰ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।













