![]()
গুজৰাটৰ মাচু নৈৰ দলং ভাঙি পৰাত মৃত্যুৰ সংখ্যা অব্যাহত আছে। সোমবাৰে এই প্ৰতিবেদন লিখা পৰ্যন্ত ১৪০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ওলোমা দলংখন খহি পৰাত বহু লোক আহত হয়।
অভিযোগ অনুসৰি, এই দলংখন জনসাধাৰণৰ বাবে মুকলি কৰাৰ পূৰ্বে প্ৰশাসনৰ পৰা সেউজ সংকেত লোৱা হোৱা নাছিল। দলংখন পৰীক্ষাৰ অন্তত কোনো ‘ফিটনেছ চাৰ্টিফিকেট’ লাভ কৰা নহʼল। একাংশই কৰ্তৃপক্ষৰ এই অৱহেলাক দেওবাৰে সন্ধিয়া সংঘটিত হোৱা দুৰ্যোগৰ অন্যতম কাৰণ হিচাপে দোষাৰোপ কৰিছে।
গুজৰাটৰ মৰবিত নৈৰ ওপৰেৰে ভাঙি পৰা ওলোমা দলংখন মেৰামতি কৰি কিছুদিন পূৰ্বে জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল। দলংখন খোলাৰ ৬ দিন পিছত সংঘটিত হʼল এই দুৰ্যোগ। দাবী কৰা হৈছে যে দেওবাৰে সন্ধিয়া প্ৰায় ৫০০ লোকে সংকীৰ্ণ দলংখনত আৰোহণ কৰে। ছচিয়েল মিডিয়াত বিয়পি পৰা ভিডিওত দেখা গৈছে দলঙৰ ওপৰত থিয় হৈ কিছুমানে জপিয়াই আছে। ইয়াৰ পিছতে নৈৰ ওপৰত দলংখন খহি পৰে।
জনা যায় যে দলংখনৰ সংস্কাৰৰ কাম ‘অৰেভা’ নামৰ এটা ব্যক্তিগত কোম্পানীক দিয়া হৈছিল। সংস্কাৰৰ বাবে ৭ মাহৰ বাবে বন্ধ আছিল দলংখন। ২৬ অক্টোবৰত মুকলি কৰা হৈছিল। মৰ্বি পৌৰসভাই সংবাদ মাধ্যমত দাবী কৰিছে যে সংগঠনটোৱে তেওঁলোকৰ পৰা কোনো প্ৰমাণ পত্ৰ লোৱা নাছিল। আনকি দলংখনৰ সবিশেষ তথ্যও চৰকাৰক জনোৱা হোৱা নাছিল বুলি অভিযোগ উঠিছে। দলংখনৰ বিষয়ে চৰকাৰে একো নাজানিছিল বুলি দাবী কৰিছে মৰ্বি পৌৰ কৰ্তৃপক্ষই।
দেওবাৰে গোটেই নিশা মাচু নদীত উদ্ধাৰ অভিযান অব্যাহত থাকে। স্থানীয় বাসিন্দা আৰু উদ্ধাৰকাৰীকে ধৰি কমেও ২০০ জন লোকে উদ্ধাৰ অভিযানত যোগদান কৰে। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটলৈ তিনিদিনীয়া ভ্ৰমণলৈ যায়। গুজৰাট চৰকাৰে এই ঘটনাত নিহত পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ উপৰি আহতসকলক চৰকাৰে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। দলং দুৰ্যোগক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।










