![]()
ৰাজনীতিত কংগনা ৰানাৱট।এইবাৰ তেওঁ ৰাজহুৱাভাৱে বিজেপিত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু ইয়াত কোনো আচৰিত হোৱা নাই। কাৰণ তেওঁ বহুদিনৰ পৰাই গেৰুৱা শিবিৰৰ সমৰ্থনত বাৰে বাৰে মুখ খুলি আহিছে তেওঁ।
আগন্তুক যিকোনো নিৰ্বাচনত তেওঁ হয়তো বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৌদিশে জল্পনা-কল্পনা চলি আছে। কংগনাই নিজেই জল্পনা-কল্পনাৰ অন্ত পেলালে।বিজেপিৰ টিকট পালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি সংবাদমেলত তেওঁ কয়। কংগনা হিমাচলৰ এগৰাকী জীয়ৰী।
অভিনয় জগতত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁ মুম্বাইতে বসবাস কৰি আহিছে। লকডাউনৰ সময়ত হিমাচলত নতুন ঘৰ বনাইছিল। তেওঁ কেইমাহমান আগতে নতুন ঘৰটোৰ ছবিও পোষ্ট কৰিছিল। বিজেপিয়ে টিকট দিলে হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলিও আলোচনা সভাত কংগনাই কয়।
বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই কংগনাৰ ইচ্ছাৰ কথা জানি সংবাদ মাধ্যমৰ আগত মুখ খুলিলে। তেওঁ কয়, “কংগনাই যদি বিজেপিত যোগদান কৰিব বিচাৰে তেন্তে তেওঁক আদৰণি জনোৱা হৈছে। অৱশ্যে তেওঁক টিকট দিয়াৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লʼব দলৰ শীৰ্ষ নেতৃত্বই।”










