![]()
শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মাক পাঁচদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।শনিবাৰে গুৱাহাটীৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱাৰ পিছতে কে কে শৰ্মাক পাঁচ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, শুকুৰবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত ৯০ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল শৰ্মাক।
পৰৱৰ্তী সময়ত, দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গুৱাহাটীৰ ৰুক্মিনীগাঁওস্থিত শৰ্মাৰ বাসগৃহত অভিযান চলাই প্ৰায় ৪৯,২৪,৭০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল।












