![]()
অনন্তধামলৈ গতি কৰিলে চিত্ৰশিল্পী নীলপৱন বৰুৱাই। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ । যোৱা ২১ ছেপ্টেম্বৰত হঠাতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী। তাৰ পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে ।
উল্লেখ্য, নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ ১ জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত । তেওঁৰ পিতৃ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা ।
নীলপৱন বৰুৱাৰ সৰুৰে পৰাই চিত্ৰশিল্পৰ প্ৰতি এক ধাউতি আছিল । তেওঁ শান্তিনিকেতনত শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কলিকতালৈ যায় । ১৯৬১ চনত শান্তিনিকেতনত নামভৰ্তি কৰি তাত তেওঁ চিত্ৰকলা শাখাত শিক্ষা গ্ৰহণ কৰে ।

শান্তি নিকেতনৰ চিত্ৰকলাৰ শিক্ষা সাং কৰি উঠি তেওঁ শ্ৰীনিকেতনৰ পৰা glazed pottery বিষয়ত শিক্ষা লয় । পৰৱৰ্তী সময়ত নীলপৱন বৰুৱাই নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংনৰ শিক্ষা গ্ৰহণ কৰে ।
১৯৬৬ চনত নীলপৱন বৰুৱা অসমলৈ ঘূৰি আহি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ চাকৰিত যোগ দিয়ে । তাৰ পিছত তেওঁ ১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে । তেৱেঁই অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় ‘বসুন্ধৰা কলা নিকেতন’ স্থাপন কৰে ।নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ কলিকতাৰ ‘বিৰলা একাডমী অব আৰ্ট এণ্ড কালচাৰ’, ‘লক্ষ্ণৌ ললিত কলা একাডেমী’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে । তেওঁ অংকন কৰা ছবিয়ে দিল্লীত ‘ললিত কলা একাডেমী’ত অসমক প্ৰতিনিধিত্ব কৰিছে ।
১৯৭৬ চনত বিশিষ্ট কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ লগত বিবাহপাশত আবদ্ধ হয় নীলপৱন বৰুৱা । বিয়াৰ পাছৰ পৰা মৃত্যু পৰ্যন্ত নীলপৱন বৰুৱাই দীপালী বৰঠাকুৰৰ যেনেদৰে যত্ন লৈছিল সেয়াই এক অমৰ প্ৰেমৰ দৃষ্টান্ত দাঙি ধৰিছে । উল্লেখ্য, ২০২১ চনত তেওঁক অসম চৰকাৰে অসম সৌৰভ বঁটাৰে বিভূষিত কৰে ।













