![]()
অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ পৰলোক গমন। অসমীয়া ছবি জগতৰ মহীৰূহ নিপন গোস্বামীৰ আজি গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।উল্লেখ্য, শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাত দেওবাৰে তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।
সোমবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু আজি শেষ নিশ্বাস ত্যাগ কৰে।১৯৪২ চনত তেজপুৰৰ কলিবাড়িত জন্ম নিপন গোস্বামীৰ। মঞ্চ অভিনয়ৰ পৰা তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তেওঁ প্ৰায় ১০০ খন ছবিত অভিনয় কৰি গৈছে।
নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক শোক বার্তাত মুখ্যমন্ত্ৰীয়ে কয়, “অসমীয়া ছবি জগতৰ চিৰ সেউজ অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ৷ শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ৷
বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব৷ এই দুখৰ মুহূৰ্তত বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ মই চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷”













