![]()
দহ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটলৈ গৈ বিজেপিৰ নেতাসকলক সকীয়াই দিছিল যে গুজৰাট নিৰ্বাচনত কংগ্ৰেছে নিজৰ কৌশল সলনি কৰি নীৰৱে প্ৰচাৰ চলাই আছে। গাঁৱে গাঁৱে ঘূৰিছে। এই বিষয়ে সাৱধান হৈ থাকিব লাগিব বুলি কয়।
শুকুৰবাৰে কংগ্ৰেছে দাবী কৰে, কেৱল দুৱাৰে দুৱাৰে প্ৰচাৰ চলোৱাই নহয়। এইবাৰ বুথ লেভেলৰ ভোটিং কৌশলত গুৰুত্ব দি গুজৰাটত ১২৫ খনতকৈও অধিক আসন লাভ কৰিব।
৫ বছৰ পূৰ্বে গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ সৈতে যুঁজ দিছিল যদিও অৱশেষত ১৮২ খন আসনৰ ভিতৰত বিজেপিয়ে ৯৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ৭৭ খন আসনত সীমাবদ্ধ থাকে।
এইবাৰ ১২৫ খনতকৈ অধিক আসন লাভ কৰাৰ দাবী। এ আই চি চিৰ গুজৰাটৰ ভাৰপ্ৰাপ্ত নেতা ৰঘু শৰ্মাই কয় যে গুজৰাটত যদি বিজেপিৰ অৱস্থা ভাল, তেন্তে দিনৰ পিছত দিন ধৰি প্ৰধানমন্ত্ৰী ৰাজ্যখনত নাথাকিলহেঁতেন। কংগ্ৰেছৰ কৌশল সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দলটোক সতৰ্ক কৰি দিবলগা হৈছে।
ৰঘু শৰ্মাই দাবী কৰিছে যে কংগ্ৰেছে বুথ পৰ্যায়ৰ কৰ্মীক থিয় কৰাইছে। আহমেদাবাদ ভ্ৰমণ কৰি ৰাহুল গান্ধীয়ে ৫০ হাজাৰৰো অধিক বুথ পৰ্যায়ৰ কৰ্মীৰ সৈতে এখন বৈঠকত মিলিত হয়। গাঁৱে-ভূঞে সৰু সৰু সভা, দুৱাৰে দুৱাৰে অভিযান চলি আছে।
ৰঘুৱে দাবী কৰে যে জনজাতীয় এলেকাসমূহত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন প্ৰজেক্টৰ বাবেই পানী, বনাঞ্চল, মাটি হেৰুওৱাৰ আশংকাত আদিবাসীসকলে আন্দোলন কৰিছে। সেই সকলোবোৰ প্ৰকল্প বাতিল কৰা হৈছে বুলি গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ভুৱা দাবী কৰি আছে। এই সকলোবোৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ধন আবণ্টন দিয়া হৈছে। কোনো ৰাজ্য চৰকাৰে সেই আঁচনি বাতিল কৰিব নোৱাৰে।
যোৱা বিধানসভা নিৰ্বাচনত গুজৰাটত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ২৭খন আসনৰ ভিতৰত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ১৮খন আসন লাভ কৰিছিল। কংগ্ৰেছ নেতাসকলে আঙুলিয়াই দিয়ে যে আন ১৩টা সমষ্টিত জনজাতীয় ভোটে নিৰ্ণায়ক ভূমিকা পালন কৰে।
শেহতীয়াকৈ মোদীয়ে গুজৰাট ভ্ৰমণ কৰি কংগ্ৰেছক জনজাতীয় সংস্কৃতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। ৰঘুৱে আদিবাসী সকল এইবাৰো বিজেপিৰ বিৰোধী বুলি দাবী কৰে। কংগ্ৰেছক ভোট দিব বুলি জানি জনজাতীয় অঞ্চলত মোদী আৰু অমিত শ্বাহে প্ৰচাৰ চলাই আছে।
এইবাৰ আছাদুদ্দিন ওৱেইছিৰ এম আই এমে আম আদমি পাৰ্টিৰ সৈতে গুজৰাটত প্ৰতিদ্বন্দ্বিতা কৰিছে। ওৱেইছিয়েও মুছলমানৰ লগত দলিত ভোটকে লক্ষ্য কৰিছে।










