![]()
আজি পুৱা ১০.৩০ বজাৰ পৰা চলি আছে কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন। প্ৰতিখন ৰাজ্যৰ মুখ্য কাৰ্যালয়ত এই ভোটগ্ৰহণ চলিব বিয়লি ৪.৩০ বজালৈ। গুৱাহাটীৰ ৰাজীৱ ভৱনত ভোটদান অনুষ্ঠিত হৈছে অসমৰ ভোটাৰসকলৰ বাবে।মুঠ ২৮৯ গৰাকী কংগ্ৰেছ সদস্যই অসমৰ পৰা ভোটদানৰ অধিকাৰ লাভ কৰিছে।
গোপন বেলট বাকচৰ জৰিয়তে হৈছে এই ভোটদান। আজিৰ নিৰ্বাচনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৯ হাজাৰ প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ভোটগ্ৰহণ পৰ্যায় শেষ হোৱাৰ পিছত কাইলৈ দিল্লীৰ এ আই চি চিৰ কাৰ্যালয়লৈ যাব সকলো ৰাজ্যৰ বেলট বাকচ।
১৯ তাৰিখে জানিব পৰা যাব কংগ্ৰেছৰ নেতা কোন হ’ব? উল্লেখ্য, পোন প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ বাঘজৰী যাব গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তিৰ হাতলৈ। নিৰ্বাচনৰ সমুখ সমৰত আছে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ। নিৰ্বাচনৰ পূৰ্বে শশী থাৰুৰে জনায় যে তেওঁ আত্মবিশ্বাসী। সূত্ৰ অনুসৰি, নিৰ্বাচনৰ পূৰ্বে খাৰ্গে-থাৰুৰে ইজনে সিজনক অভিনন্দন জনায়।













