![]()
আজিৰে পৰা অসম ৰাজ্যিক বিজেপিৰ নতুন ঠিকনা গুৱাহাটীৰ বশিষ্ঠ। ছয় মহলীয়া ৰাজপ্ৰাসাদ সদৃশ অট্টালিকাটোত এতিয়াৰে পৰা চলিব ৰাজ্যিক বিজেপিৰ কাম-কাজ। অসম ৰাজ্যিক বিজেপিৰ নৱনির্মিত কাৰ্যালয় উদ্বোধন। কাৰ্যালয়টো উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

কাৰ্যালয়টো উদ্বোধন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আজিৰ দিনটো বিজেপি, অসম প্ৰদেশৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলৰ বাবে এক বিশেষ দিন হিচাপে বিবেচিত হৈ ৰ’ব। আজি ৰাজ্যত বিজেপিৰ বৰ্ণিল যাত্ৰাত এক নৱতম সংযোজন হিচাপে দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত নিৰ্মিত ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন কৰে।
আজি উদ্বোধন কৰা এই ৰাজ্যিক কাৰ্যালয়টোৱে দলৰ ভেটি সুদৃঢ় কৰাৰ লগতে প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই দৃঢ় বিশ্বাসী।”উল্লেখ্য, আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, উত্তৰ-পূৰ্বাঞ্চলৰ পূৰ্বৰ প্ৰভাৰী অজয় জামোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাকে ধৰি অন্যান্যসকল উপস্থিত থাকে।
আনহাতে, আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ৰ শুভ উদ্বোধন উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় দলৰ বিশাল কাৰ্যকৰ্তা সন্মিলন৷
উক্ত সন্মিলনত মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰাপ্তি আৰু আনন্দৰ এই গৌৰৱোজ্জ্বল দিনটোত মই দলৰ দুয়োগৰাকী মাননীয় শীৰ্ষ নেতাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসম প্ৰদেশ বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আন্তৰিক অভিনন্দন জনাইছোঁ।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন, আদৰ্শ, কৰ্তব্যনিষ্ঠা আৰু দূৰদৃষ্টিয়ে বিজেপিক দেশৰ সবাতোকৈ শক্তিশালী দল হিচাপে গঢ়ি তোলাৰ লগতে তেখেতৰ কৰ্মকুশলতাই বিজেপি নেতৃত্বাধীন চৰকাৰখনক এখন জনহিতৈষী আৰু জনদৰদী চৰকাৰৰ মূৰ্ত প্ৰতীকত পৰিণত কৰিছে।
এই ঐতিহাসিক মুহূৰ্তত মই মা শ্ৰীশ্ৰীকামাখ্যা দেৱী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ ভূমিৰ পৰা মহান আদৰ্শবান নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অন্ত্যোদয়ৰ লক্ষ্যৰে সদায় কাম কৰি যাবলৈ আমি দৃঢ় সংকল্প লৈছোঁ। আমাৰ চৰকাৰে প্ৰশাসন ব্যৱস্থাটোক জনসাধাৰণৰ অধিক ওচৰ চপাই নি Minimum Government and Maximum Governance অৰ্থাৎ ন্যূনতম চৰকাৰ আৰু সৰ্বোচ্চ শাসনৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ নিষ্ঠাৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ।”
উল্লেখ্য, আজিৰ এই সন্মিলনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ সংসদীয় ব’ৰ্ড আৰু নিৰ্বাচনী সমিতিৰ সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি জ্যেষ্ঠ দলীয় নেতৃবৃন্দ, কেবিনেট মন্ত্ৰীসকল, বিধায়কসকলৰ লগতে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
উল্লেখ্য, আজিৰ কাৰ্যালয় উদ্বোধনৰ পূৰ্বে দলৰ জ্যেষ্ঠ নেতাসকলৰ চৰণ পখালি সেৱা আগবঢ়োৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকে আদি কৰি ৰাজ্যিক বিষয়ববীয়াসকলে।













