![]()
বিৰাট কোহলিক লৈ সমর্থকসকলৰ আবেগৰ অন্ত নাই। য’তেই খেলিবলৈ যায়, তেওঁক লৈ সমর্থকসকলৰ উন্মাদনা সৃষ্টি হয়। গুৱাহাটীতো তাৰ ব্যতিক্রম নহ’ল। দেওবাৰে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দ্বিতীয় মেচত খেলিবলৈ নামিছিল ভাৰত। তাতে কোহলিক সাক্ষাতৰ বাবে এজন সমর্থকে খৰচ কৰিলে ২৩ হাজাৰ টকা! দিনটোৰ অন্তত মুখত হাঁহি বিৰিঙাই ঘৰলৈ উভতে সমর্থকজন।
গুৱাহাটীৰ শান্তিপুৰৰ ৰাহুল ৰায়। কোহলি বাহিনী গুৱাহাটীলৈ আহিব বুলি শুনাৰ পিছৰ পৰাই কার্যত পাগলৰ দৰে দশা হয় তেওঁৰ। প্রিয় তাৰকাগৰাকীক সাক্ষাৎ কৰাৰ বহু আগৰে পৰাই পৰিকল্পনা কৰি ৰাখিছিল তেওঁ।
ভাৰতীয় দলটো গুৱাহাটী বিমানবন্দৰত অৱতৰণৰ পূৰ্বেই তাত উপস্থিত হৈছিল ৰাহুল। কোহলিক সাক্ষাৎ কৰি কথা পতাৰ আপ্রাণ চেষ্টা কৰিলেও লাভ নহ’ল। কিন্তু নিৰাপত্তাৰ বাবে বিমুখ হ’বলগা হয় বিমানবন্দৰত। তাৰ পিছত মেচৰ পূৰ্বে দুদিন ধৰি অনুশীলনলৈ গৈ কোহলিৰ লগত কথা পতাৰ চেষ্টা কৰে। কিন্তু তাতো কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সুযোগ নাপালে।কিন্তু ৰাহুল সহজতে হাৰ মনা বিধৰ নহয়।
ভাৰতীয় দলটো যিখন হোটেলত আছে, তাত ২৩ হাজাৰ টকাৰে এটি কোঠা ভাড়া কৰে ৰাহুলে। অৱশেষত কার্যসিদ্ধি হয়। কেৱল কোহলিক সাক্ষাৎ কৰাই নহয়, তেওঁৰ সৈতে কথা পতা আৰু চেল্ফি তোলাৰো সৌভাগ্য হয়। ব্ৰেক ফাষ্টৰ সময়ত কোহলিৰ সৈতে সাক্ষাৎ হয় ৰাহুলৰ। ভাৰতৰ প্রাক্তন অধিনায়কজনৰ হাতত এটি কলাজ তুলি দিয়ে ৰাহুলে।
পিছত এটি ৱেবছাইটত কয়, “ব্ৰেক ফাষ্টৰ সময়ত কোহলিয়ে মোক মাতে আৰু বাহিৰত এটি স্থানত দেখা কৰিবলৈ কয়। ইনষ্টাগ্রামত মই তেওঁৰ নামত যিটো ফ্যান পেজ খুলিছোঁ, তাৰে এটি কলাজ কৰা ফ্রেম দিব বিচাৰিছিলো। তেওঁ কয় সেইটো লগত নিব নোৱাৰিব। কিন্তু ফ্রেমৰ ওপৰত চহী কৰি দিয়ে কোহলিয়ে।”













