![]()
সাজু হৈ উঠিছে বৰ্ষাপাৰাৰ ড° ভূপেন হাজৰিকা ষ্টেডিয়াম। আজি তিনিদিনীয়া টি-২০ শৃংখলাৰ প্ৰথম মেচ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে ৰোহিত শৰ্মাই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰা এই খেলখনসন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব। মেচখনক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে ক্ৰিকেট অনুৰাগী।
আয়োজক সমিতিয়ে আবেলি ৩ বজাৰ পৰা দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলি দিয়ে যদিও তাৰ বহু পৰ আগেয়ে বৰ্ষাপাৰাৰ প্ৰতিখন প্ৰৱেশ দ্বাৰতে দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। দুৰ্গা পূজাৰ উছাহ-উদ্দীপনাৰ মাজতেই ভাৰতৰ ক্ৰিকেট খেল খন চাবলৈ এতিয়া অধীৰ অপেক্ষাৰে অপেক্ষাৰত সকলো।












