ধুবুৰীৰ শোকাৱহ নাওঁ দুৰ্ঘটনাত সন্ধানহীন হোৱা জিলাখনৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ আজি দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা ৫০০ মিটাৰ আঁতৰত বৰ লুইতত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়।অঞ্চলটোত অভিযান চলাই এছডিআৰএফৰ দলটোৱে প্ৰত্যক্ষ কৰি স্পীড বোট এখনেৰে মৃতদেহটো উদ্ধাৰ কৰে আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মৰ্গত মৰণোত্তৰ পৰীক্ষা কৰোৱা হয়।
পৰ্ৰৱতী সময়ত, তেখেতক শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ অনা হয় আৰু তাতেই বিষয়া-কৰ্মচাৰী সকলে শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত জিলা প্ৰশাসনৰ এগৰাকী বিষয়াৰ তত্বাৱধানত বিষয়াগৰাকীৰ নশ্বৰ দেহ এখন এম্বুলেঞ্চেৰে শিলচৰৰ নিজ গৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হয়।
উল্লেখ্য যে, যোৱা ২৯ ছেপ্টেম্বৰৰ দিনা নিজৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডল আৰু ফিল্ড অফিচাৰসহ ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ডৰ সমীপৰ বৰলুইতৰ সিপাৰে থকা আমিনেৰ চৰ নামৰ এক দূৰ্গম চৰাঞ্চললৈ গৈছিল সঞ্জু দাস।
আমিনেৰ চৰত বৰ লুইতৰ গৰাখহনীয়াৰ চৰজমিন তদন্ত কৰি এখন সৰু ভূটভূটীৰে উভতিবলৈ লৈছিল যদিও আদবাটতে নৈখনৰ পানীত বুৰ গৈ থকা অৱস্থাত থকা নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলঙখনৰ এটা খুটাত অকস্মাতে খুন্দা মাৰি ডুবি যায় নাওঁখন। সেই দূৰ্ঘটনাটোত নাওঁখনত থকা ২৯ গৰাকীৰ ২৮গৰাকীৰেই কথমপি প্ৰাণ ৰক্ষা পৰে যদিও ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস সন্ধানহীন হৈ পৰে।