ৰাষ্ট্ৰীয় স্বেচ্ছা মূলক ৰক্তদান দিৱসৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলা ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত ডিফু চিকিৎসা মহাবিদ্যালয়ত স্বেচ্ছাই এক ৰক্তদান শিৱিৰৰ আয়োজন কৰা হয়।
কাৰবি আংলং জিলা ৰেডক্ৰছ ছচাইটিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত দিবাকৰ নাথ আৰু সম্পাদক বৰছিং ফাংছৰ উপস্থিতিত প্ৰায় ২০ গৰাকী সদস্যই স্বেচ্ছাই আৰু বিনামূলীয়াকৈ ৰক্তদান কৰে ।জিলা উপায়ুক্ত তথা ৰেডক্ৰছৰ জিলা অধ্যক্ষ দিবাকৰ নাথ্ ৰক্তদাতা সকলৰ সৈতে মত বিনিময় কৰাও পৰিলক্ষিত হয়।