![]()
৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়ী হিচাবে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছত বি.টি.চিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে দুখ প্ৰকাশ কৰিছে।
সংবাদমাধ্যমৰ আগত উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে কয় যে, “এনে ৰায়দান হ’ব বুলি কাহানিও ভবা নাছিলো। বড়ো চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে মানবীয় দৃষ্টিভঙ্গীৰে ৰায়দানৰ কিছু সালসলনি কৰিব লাগিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়দানে বাহাল ৰাখিলে আৰু ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তললৈ আনিবলৈ উচ্চতৰ পৰ্যায়ত প্ৰচেষ্টা চলোৱা হ’ব।”
ইপিনে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে ন্যায়ালয়ৰ এই ৰায়দানত আশ্চৰ্য প্ৰকাশ কৰি ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই বোমা দিয়াৰ কোনো সাক্ষী প্ৰমাণ নাই বুলি কৈছে মত পোষণ কৰে। বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে তেওঁক ৰেহাই দিয়াটো উচিত আছিল বুলি মন্তব্য কৰি ৰঞ্জন দৈমাৰীক মুকলি কৰি দিলে ৰাজনৈতিক স্বাৰ্থত ব্যাঘাত হ’ব আৰু সেইকাৰণে ৰেহাই নিদিয়াৰ এয়া এক ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য প্ৰকাশ কৰে।
বি টি আৰ চুক্তিৰ অন্যান্য স্বাক্ষৰকাৰীসকলে এইক্ষেত্ৰত যিদৰে ভূমিকা ল’ব লাগিছিল সেয়া নাই লোৱা বুলি মন্তব্য কৰি ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে স্বাক্ষৰকাৰীক ৰেহাই নিদিয়া চুক্তিখন কেনেকৈ শান্তিৰ চুক্তি হ’ব পাৰে বুলি কটাক্ষ কৰে ।
আনহাতে, অঞ্জলী দৈমাৰীয়ে যাৱজ্জীৱন কাৰাদণ্ড হ’ব বুলি তেওঁ কাহানিও আশা কৰা নাছিল বুলি প্ৰশ্ন কৰে যে ৰঞ্জন দৈমাৰী আইনবিৰোধী আছিল তেনেহ’লে কেনেকৈ জেলৰ পৰা উলিয়াই কেনেকৈ বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিলে ।













