![]()
দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰী বহুকেইটা ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এই সন্দৰ্ভত মহানগৰ আৰক্ষী যান-বাহন শাখাৰ উপ-আৰক্ষীৰ আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে বুধবাৰে পাণবজাৰস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত কয় যে উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে ২২ছেপ্টেম্বৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আনহাতে, ২২ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩.৩০ বজালৈ মহানগৰীৰ এম জি ৰোড, ডি জি ৰোড, এ টি ৰোড, কে এল বি ৰোড, তৈয়বুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত সৰু, মজলীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।













