![]()
গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ প্ৰতিবাদ।কৰ্তব্যৰত সাংবাদিক নিগ্ৰহ ঘটনাৰ বিৰুদ্ধে এই অৱস্থান ধমর্ঘট।উল্লেখ্য অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বনজিত ঠাকুৰীয়া আক্ৰমণকাৰীক শাস্তি প্ৰদানৰ দাবী আজি সাব্যস্ত কৰে প্ৰতিবাদ।মুখত কলা কাপোৰ বান্ধি হাতে হাতে প্লে-কাৰ্ড লৈ ন্যায় বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ।
তাপৰ্যপূৰ্ণ কথা যে বাতৰি সংগ্ৰহৰ বাবে গৈ গুৱাহাটীৰ কমাৰ্চ পইণ্টত একাংশ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল সাংবাদিক গৰাকী।সাংবাদিক গৰাকীয়ে এজাহৰ দিয়া পিচতো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰি চান্দমাৰি থানা ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদিক গৰাকী বিৰুদ্ধেহে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।পৰৱৰ্তী সময়ত জামিন মুকলি হয় সাংবাদিক গৰাকী।
আনহাতে প্ৰতিবাদৰ জৰিয়তে সাংবাদিকৰ অধিকাৰ সু-নিশ্চিত কৰা লগতে বনজিত ঠাকুৰীয়া আক্ৰমণকাৰীক শাস্তি প্ৰদান আৰু তেওঁ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰৰ দাবী জনাই।
ইফালে অভিযুক্তৰ পক্ষত থিয় দিয়া চান্দমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী বিৰুদ্ধেও ব্যবস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদস্থলী পৰা।













