![]()
অসমীয়া ভাষা আৰু মাধ্যম বিৰোধী ষড়যন্ত্ৰকাৰী মন মগজুত ভূপেনদা গীতৰ শব্দৰে ক্ৰিয়া কৰক।সুধাকণ্ঠ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।দীঘলীপুখুৰীৰ পাৰত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা ৯৬সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জনাই বৰুৱাই কয়- তেওঁ আমাৰ জাতিটো বাবে সাহস।প্ৰতিটো গানৰ শব্দৰে অনুপ্ৰেৰণা প্ৰদান কৰিছে অসমীয়া জাতিক।
চৰকাৰে বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকা নামত আসন সংৰক্ষণ কৰা কথা ঘোষণা কৰিছিল।কিন্তু বিগত এটা বছৰে কাৰ্যকৰী নকৰিলে ঘোষণাতে থাকিল বিষয়টো- আক্ষেপ প্ৰকাশ কৰি আছু সাধাৰণ সম্পাদক শংকৰে কয়।
উল্লেখ্য যে অন্য বছৰসমূহৰ দৰে এইবাৰো আছুৱে সুধাকণ্ঠ গৰাকী জন্মদিনৰ সৈতে সংগতি ৰাখি এই উদ্দীপনা শীৰ্ষক কাৰ্যসূচী আয়োজন কৰে।বিভিন্ন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক-গায়িকা মাজত ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে।
ভূপেনদা সৃষ্টিৰাজি আগবঢ়াই নিবলৈ প্ৰত্যেক প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব লাগে সুধাকণ্ঠ সৃষ্টিৰাজি।গুৱাহাটী ৰেল ষ্টেচনটো নামাকৰণ কৰিব লাগে সুধাকণ্ঠ নামেৰে।মহাৰাষ্ট্ৰই পাৰিছে তেওঁ লোকৰ স্বাভামান ৰক্ষা কৰিবলৈ।গতিকে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে কিয় নোৱাৰিম?- এই প্ৰশ্ন আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।
সুধাকণ্ঠ ভূপেন হাজৰিকা সৃষ্টিৰাজীক গৱেষণাৰ বাবে এখন আন্তৰ্জাতিক পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে সুধাকণ্ঠ গৰাকীৰ সমাধিস্থলী আহল- বহল কৰিব লাগে- ভট্টাচাৰ্যই চৰকাৰক দাবী জনায় কয়।












