ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

অসম বিভাজনৰ প্রশ্নই নুঠে, মহাৰাজৰ মন্তব্য সন্দৰ্ভত স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 7, 2022
Reading Time: 1 min read
A A
0
অসম বিভাজনৰ প্রশ্নই নুঠে, মহাৰাজৰ মন্তব্য সন্দৰ্ভত স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

তৃণমূল কংগ্ৰেছে কোচ বিহাৰত বংগ-বিভাজনৰ বিৰুদ্ধে সমদল উলিওৱাৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে কোনোবাই যিয়েই নকওক কিয়, অসম বিভাজন সম্ভৱ নহয়।

কে এল অʼৰ শান্তি আলোচনা আৰু অনন্ত ৰায় মহাৰাজৰ বৃহত্তৰ কোচবিহাৰ দাবীৰ প্ৰেক্ষাপটত তেওঁৰ এই বক্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। মঙলবাৰে হিমন্ত বিশ্বই কয়, “মই অনন্ত মহাৰাজক এজন ধৰ্মীয় গুৰু হিচাপে চিনি পাওঁ। তেওঁ যি কʼলে সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য। অসম বিভাজন আৰু সম্ভৱ নহয়। বৰং আমি অসমৰ ভৌগোলিক সীমাৰ ভিতৰত কামতাপুৰ স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰিম।”

হিমন্তই আৰু কয়, “বিটিআৰ বাদ দি আৰু অবিভক্ত গোৱালপাৰাৰ ৰাভা স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ এলেকা বাদ দি কোচ-ৰাজবংশী আৰু কামতাপুৰ স্বায়ত্তশাসিত পৰিষদক ভূমিৰ অধিকাৰ দিয়াৰ মনস্থ কৰিছো। যাতে তেওঁলোকে দেশৰ পুত্ৰ হিচাপে ভূমিৰ অধিকাৰ বজাই ৰাখিব পাৰে।”

ইফালে কে এল অʼৰ মুৰব্বী জীৱন সিঙে যেতিয়া পৃথক ৰাজ্যৰ দাবীক লৈ কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হʼবলৈ ইচ্ছা প্ৰকাশ কৰে, তেতিয়া হিমন্তৰ এনে এটা স্পষ্ট বাৰ্তাক লৈ প্ৰশ্ন উত্থাপন কৰে। জীৱনৰ দেৱপুত্ৰ দিবাকৰ দেৱৰাজ সিঙে কেইবাবাৰো কৈছে যে জীৱন সিঙৰ শান্তি আলোচনা কেন্দ্ৰৰ সৈতে হিমন্তৰ নেতৃত্বত চলি আছে।

কে এল অʼৰ সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এক সংঘবদ্ধ কামতাপুৰৰ দাবী মানি লʼবলৈ সাজু, যদিও সেয়া পৃথক ৰাজ্য নহয়। কিন্তু এটা প্ৰশ্ন উত্থাপন হয় যে এই সকলোবোৰৰ পিছত যদি অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰ্তমানৰ স্বায়ত্তশাসিত পৰিষদক কেৱল শক্তিশালী কৰাটোৱেই প্ৰস্তাৱিত শান্তি চুক্তিৰ ফল হয়, তেন্তে সেই ক্ষেত্ৰত জীৱন সিং আৰু কে এল অʼৰ জীৱন সুৰক্ষিত হʼবনে?

জীৱন সিঙে গঠন কৰা শান্তি সমিতিৰ অন্যতম সদস্য তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয়, “ভাৰতৰ অখণ্ডতাৰ শপত লৈ মুখ্যমন্ত্ৰী হোৱা কোনেও ৰাজ্যৰ বিভাজন প্ৰকাশ কৰিব নোৱাৰে। তাৰ পিছতো দেশত তেলেংগানা, ঝাৰখণ্ড, উত্তৰাখণ্ড, ছত্তীশগড়ৰ সৃষ্টি হৈছে। কোচ-কামতাপুৰীয়ে অসম ভাঙিব নিবিচাৰে। ঐতিহাসিকভাৱে অবিভক্ত কামতাপুৰ কোচসকলৰ এক ন্যায্য দাবী।”

আৰু এখোজ আগুৱাই গৈ তেওঁ কয়, “মই আজি মুখ্যমন্ত্ৰীৰ বক্তব্যক গুৰুত্ব নিদিওঁ, আৰু মই মোৰ দাবীৰ পৰা আঁতৰি যোৱা নাই।” অনন্ত মহাৰাজৰ সন্দৰ্ভত অৱশ্যে হিমন্তৰ মন্তব্যক সমৰ্থন কৰি বিশ্বজিতে কয়, “অনন্ত ৰায় মাত্ৰ এজন ধৰ্মীয় গুৰু। তেওঁ কোচ-ৰাজবংশীৰ ত্ৰাণকৰ্তা নহয়। তেওঁৰ কথাবোৰক গুৰুত্ব দিয়াটো অৰ্থহীন।” জীৱনৰ দেৱপুত্ৰ দেৱৰাজে এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

Tags: মুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
ADVERTISEMENT
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx